এই খন অসমতে বনাঞ্চল গঢ়ি তুলিছে তিনিখন গাঁৱৰ ৰাইজে

0 283

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই চৰ্চিত হৈ পৰিছে এইখন অসমৰে তিনিখন গাঁৱৰ ৰাইজ। গোৱালপাৰা জিলাৰ দুধনৈৰ শিলৰবৰি, পাহিদল আৰু হীৰাপাৰা নামৰ গাঁও তিনিখনৰ ৰাইজে সংৰক্ষণ কৰিছে ত্ৰিছ হেক্টৰ পৰিসৰৰ বনাঞ্চল। উল্লেখযোগ্য যে চোৰাং কাঠৰ ব্যৱসায়ীৰ পৰা বনাঞ্চলখন নিৰাপত্তা দিয়াৰ লগতে বন্যহস্তীৰ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে।
 
 
আজিৰ পৰা ত্ৰিছ বছৰ পূৰ্বে শিলৰবৰি নামৰ গাঁৱখনৰ আদৰ্শ শিক্ষক ভূপেশ নাথ নামৰ ব্যক্তিজনে এই বনাঞ্চলখন সংৰক্ষণৰ বাবে আগবাঢ়ে। তেতিয়াৰ পৰা বছৰেকত দুবাৰকৈ তেখেতে বনাঞ্চলখন চাফ চিকুণ কৰি আহিছে।
 
 
উলেখযোগ্য যে সেই বনাঞ্চলখনত আছে অধিকাংশ শাল গছ। এই শালগছ সমূহৰ যাতে কোনোধৰণৰ ক্ষতি নহয় উঠি অহা যুৱচামেও চোৱা চিতা কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এই বনাঞ্চলখন হস্তীকুলৰ কৰিড’ৰ হিচাপে ব্যৱহৃত হৈছে। যাৰ ফলস্বৰূপে বনাঞ্চলখনৰ সমীপৱৰ্তী গাঁও সমূহত হাতীৰ উপদ্ৰৱ কমি আহিছে।আনহাতে বনাঞ্চল খনৰ সেউজীয়া পৰিৱেশে সকলোকে আকৰ্ষিত কৰি আহিছে। পৰিবেশ দিৱসৰ বিশেষ দিনটোত  এই বনাঞ্চলখনে সেয়েহে বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave A Reply

Your email address will not be published.