জনসাধাৰণৰ পথ যোগাযোগ তথা যাতায়াত ব্যৱস্থা সূচল কৰি তোলাৰ লক্ষ্যৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ নগৰাঞ্চল গ্ৰামাঞ্চল উভয়তে যাতায়াতৰ অনুপযোগী হোৱা পথ, উপপথ সমূহ গড়কাপ্তানী পথ বিভাগৰ এছ অ’ পি ডি আচনিৰ জৰিয়তে পুনঃনিৰ্মাণ তথা মেৰামতিৰে আন্তঃগাথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে আজি খনামুখ, লংকেশ্বৰ আৰু গাড়ীগাৱত মুঠ নটা পথ, উপপথৰ পুনঃনিৰ্মাণ তথা মেৰামতিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আধাৰশিলা স্থাপন কৰা পথ কেইটা হ’ল বকুল পথ খানামুখ, খানামুখ, লংকেশ্বৰ সেওজ বন পথ, লংকেশ্বৰ নামঘৰ পথ, তৰুণ নগৰ পথ, ফৰেষ্ট স্কুল মুখ্য পথ, দেহান গাড়ীগাঁও শ্মশান পথ, উদয় পথ আৰু দেহান গাড়ীগাঁও বণিয়া পাৰা পথ। এই উপলক্ষে আপৰ যুৱনেতা ৰঞ্জন পাটোৱাৰীয়ে আঁত ধৰা চমু অনুষ্ঠানত বিধায়ক গৰাকীয়ে কাম কাজ সমূহত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ আৰু তদাৰকী কমিটীৰ সদস্য সুভাষ শৰ্মা, গড়কাপ্তানী পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, কনিষ্ঠ অভিযন্তা অমল ডেকা, যুৱনেতা ৰুবুল বৈশ্য, প্ৰণৱ দাস, শ্ৰী শ্ৰী লংকেশ্বৰ ধাম পৰিচালনা কমিটীৰ সভাপতি কামিনীকান্ত কলিতা, খনামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ কমিটীৰ সভাপতি বলেন চন্দ্ৰ ঠাকুৰীয়া, মহিলা নেত্ৰী তথা অধ্যাপিকা অঞ্জলী দৈমাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট লেখক উপস্থিত থাকে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা