এক পৰম্পৰাগত শিল্পক জীয়াই ৰাখি এখন গাঁৱৰ সামূহিক উন্নয়ন কৰিছে এগৰাকী ব্যক্তিয়ে

0 199

এক ঐতিহাসিক শিল্প ৷ যি শিল্পই এটা জাতিৰ পৰম্পৰাগত শৈলীৰ সম্পৰ্কে অৱগত কৰায় ৷তেনে এবিধ শিল্প হ’ল টেৰাকোটা শিল্প৷এই শিল্প আজিও  ধুবুৰী জিলাৰ আছাৰিকান্দিত বৰ্তি আছে৷
 
 
 
জানি সুখী হ’ব যে এই শিল্পৰ লগত জড়িত হৈ আছে বিনয় ভট্টাচাৰ্য্য নামৰ ব্যক্তিজন৷এই ব্যক্তিজনে ৯০ দশকৰ পৰা টেৰাকোটা শিল্পৰ লগত জড়িত হৈ সমাজৰ উন্নয়ন কৰিছে৷
 
 
ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমে আচলতে এনেধৰণৰ বাতৰিক সদায়ে প্ৰাধান্য দি আহিছে ৷ ধুবুৰীৰ এই বিশেষ ব্যক্তিজনৰ লগত সংযোগ হোৱাত জানিব পৰা গ’ল যে তেখেতে ৯০ দশকৰ পৰা আছাৰিকান্দি অঞ্চলৰ গাঁৱৰ জনসাধাৰণক বিভিন্ন প্ৰয়াসেৰে টেৰাকোটা শিল্পক আগুৱাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷
 
 
জানিব পৰা মতে তেখেতে গাঁৱৰ বিভিন্ন ব্যক্তিৰ ওচৰত গৈ এনে কিছুমান কাম কৰিছে, যিবোৰ শব্দৰে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি ৷ উল্লেখযোগ্য যে এই খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছে৷
 
প্ৰচাৰ বিমুখ এই ব্যক্তিজনে সুদীৰ্ঘ প্ৰায় ৩০ বছৰ ধৰি এই কামত জড়িত হৈ আছে ৷ জিলা অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাৰে স্বীকৃত হ’লেও বহু সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ তেখেতে Best Community Award লাভ কৰিছে ৷ সম্প্ৰতি তেখেতে Necardo ৰ লগত জড়িত হৈ আছে ৷ এটা পৰম্পৰাগত শিল্পক জীয়াই ৰখাৰ বাবে এই ব্যক্তিজনে কৰি অহা প্ৰয়াসক এন ই ফ’কাচ ডট কমে সন্মান জনাইছে ৷

Leave A Reply

Your email address will not be published.