এগৰাকী কণমানিৰ মহানুভৱতা-চাইকেল কিনিবলৈ থোৱা পইচা আগবঢ়ালে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ

0 304

ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বতে মানৱ জাতিলৈ অশনি সংকেত নমাই আনিছে।ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া ক’ৰণাৰ আতংকই গ্ৰাস কৰিছে। এনে সময়তে  মানৱতাৰ এক অনন্য উদাহৰণ দাঙি ধৰিলে এজনী কণমানিয়ে।মৰিয়নীৰ চেলেংহাটৰ আমগুৰি কিষ্টুৰ চন্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ঐশ্বন্যা গগৈয়ে পিগি বেংক (piggy bank)ত এটকা দুটকাকৈ এখন চাইকেল কিনাৰ বাবে সঞ্চয় কৰিছিল।
 
কনমানিজনীয়ে বহাগ বিহুতে এখন নতুন চাইকেল কিনাৰ হেঁপাহ কৰিছিল। কিন্তু ক’ৰণা ভাইৰাচৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোতে ল’ক ডাউন চলি আছে । ঘৰতে আবদ্ধ হৈ থকা কনমানি জনীয়ে ক’ৰণাৰ ভয়াবহতাৰ বিষয়ে মাক দেউতাকৰ মুখৰে শুনি আহিছে।ক’ৰণা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে কণমানিগৰাকীক  ব্যথিত কৰি তুলিলে ।
 
 
 
তাইও যদি মানুহৰ বাবে কিবা এটা কৰিব পাৰে।দেউতাকক তাই নিজৰ মনৰ কথা প্ৰকাশ কৰিলে। সেয়ে চাইকেল লোৱাৰ সিদ্ধান্ত সলনি কৰি ঐশ্বন্যাই আজি বেংকটো ভাঙি সমুদায় সঞ্চিত ধন (মুঠ ২০১০ টকা) নভেল ক’ৰণা ভাইৰাচৰ  সংক্ৰমণ ৰোধৰ বাবে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত ল’লে।
 
 
 
আজি আমগুৰি ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈৰ হাতত কণমানি ঐশ্বন্যাই এই ধন ৰাশি মানৱ কল্যাণৰ বাবে প্ৰদান কৰে।ঐশ্বন্যাৰ পিতৃ জ্যোতিপ্ৰসাদ গগৈ, যোৰহাট জিলাৰ চেলেংহাট নিবাসী আৰু দৈনিক জনমভূমি আৰু নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সাংবাদিক। মাতৃ মুন সোণোৱাল গগৈ আমগুৰি সামুহিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী। কনমানি জনীৰ এই মহানুভৱতাক সকলোৱে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.