এটা অত্যাধুনিক পথে দৃষ্টি আকৰ্ষণ কৰিছে

0 286

এটা অত্যাধুনিক সুবিধা থকা, সুন্দৰ পথে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।পথটোৰ ঠিকনা ডিব্ৰুগড় জিলাৰ বৈৰাগীমঠৰ হেৰম্ব বৰদলৈৰ উপপথ।পথটো ফুল, ফলৰ বাগিচাৰ পৰা আৰম্ভ কৰি ৰোড ৰিফ্লেক্টৰ, চলাৰ ষ্টীট লাইট, ৰোড চেফটি পেইণ্টিং, চি চি টি ভিৰলৈকে সকলো ব্যৱস্থা আছে।উল্লেখযোগ্য যে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই উপপথত নিৰ্মাণ কৰাইছে গৌতম বৰদলৈয়ে।চীনত কৰ্মৰত গৌতম বৰদলৈয়ে যেতিয়াই ঘৰলৈ আহিছিল তেতিয়াই ঘৰৰ সন্মুখৰ জৰাজীৰ্ণ পথ দেখি ব্যথিত হৈছিল।ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণৰ বাবে বহুতক অনুৰোধ কৰিছিল।যদিও পথটো হৈ নুঠিল।অৱশেষত গৌতম বৰদলৈয়ে অত্যাধুনিক ধৰণে নিজা ধন ব্যয় কৰি পথটো নিৰ্মাণ কৰালে।স্মৰ্তব্য যে এই পথটোৰ নামাকৰণ তেখেতৰ দেউতাক হেৰম্ব বৰদলৈৰ নামেৰে আছে।ৰাইজৰ হিতৰ বাবে উৎসৰ্গা কৰা বৰদলৈৰ এনে কামে সমাজৰ সকলোকে উৎসাহিত কৰি তুলিছে ।

Leave A Reply

Your email address will not be published.