এটা কাৰ্টুনে সমাজৰ বিবেক জোকাৰি দিব পাৰে:ড° কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ ‘সৃষ্টিৰ চ’ৰাঘৰ’ সম্পন্ন

0 212

এটা কাৰ্টুনে এখন সমাজৰ বিবেকক জোকাৰি দিব পাৰে।সংবাদ মাধ্যমত কাৰ্টুন সাংবাদিকতা অত্যন্ত সবল শক্তিমান উপাদান।উপযুক্ত মান মৰ্য্যদাৰে এই উপাদান শক্তিশালী কৰি অসমৰ সংবাদ ক্ষেত্ৰকো অধিক শক্তিশালী ৰূপে গঢ় দিব পাৰি।অসম সাহিত্য সভাৰ সৃষ্টিৰ চ’ৰাঘৰ শীৰ্ষক এটি মাহেকীয়া অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা এই মন্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই।সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাগোবিন্দ সোঁৱৰণি সভাকক্ষত আজি অনুষ্ঠিত এই অনুষ্ঠানত ড° শইকীয়াই লগতে কয় যে সবল শক্তিমান বৃহত্তৰ অসমীয়া জাতি এটা গঢ় দিবলৈ হ’লে আমি আমাৰ সূক্ষ্ম চিন্তা চেতনাবোৰ সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰিব লাগিব।কাৰ্টুনিষ্টসকলৰ যি চিন্তা চেতনা সেই চিন্তা চেতনাই আমাৰ সমাজৰ দিক নিৰ্ণয় কৰিব।সেয়ে আজি অসম সাহিত্য সভাই গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এই অনুষ্ঠানৰ আয়োজন কৰি কাৰ্টুনিষ্টসকলক সন্মানিত কৰাই নহয়,তেওঁলোকৰ চিন্তা-চেতনাকো অধিক গুৰুত্ব দিয়া হৈছে।
গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আমন্ত্ৰিত কাৰ্টুননিষ্টৰূপে সমবেত সকলৰ সৈতে মত বিনিময় কৰে ক্ৰমে চম্পক বৰবৰা,চিৰঞ্জীৱ দত্ত, নৱপ্ৰতিম দাস,প্ৰদীপ নাথ,উৎপল বৰা,উৎপল তালুকদাৰ, নিতুপৰ্ণ ৰাজবংশী আৰু দিগন্ত বিজয়ে।অনুষ্ঠানত বিশিষ্ট লেখক সাংবাদিক প্ৰকাশ মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় -এডাল ৰেখাৰ দ্বাৰা বহু কথাই কৈ দিবলৈ সক্ষম হোৱা কাৰ্টুনিষ্টসকলে সাম্প্ৰতিক সময়ত শংকা আৰু প্ৰত্যাহ্বান মাজেৰে দিন বিলাক অতিবাহিত কৰিব লগীয়া হৈছে।সেইসকল কাৰ্টুনিষ্টৰ প্ৰতিভা, তেওঁলোকৰ চিন্তা চেতনাক বিশ্লেষণ কৰাত আমাৰ ক্ৰুটি ৰৈ গৈছে।
অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱীয়ে অংশগ্ৰহণ কৰি কয় সাহিত্য সভাৰ আজিৰ এই ব্যতিক্ৰমী চিন্তাৰ অংশ,সমাজৰ সকলো স্তৰলৈ বিস্তাৰিত হোৱাৰ প্ৰয়োজন।বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল সাহিত্য সভাৰ এই চিন্তাৰ অংশীদাৰী হ’লে কাৰ্টুন সাংবাদিকৰ প্ৰতি আদৰ সন্মান নিশ্চিতভাৱে বৃদ্ধি পাব।অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবনীমোহন চহৰীয়া ,কৰ্ণধাৰ সমিতিৰ সদস্য থানেশ্বৰ মালাকাৰ, প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল গগৈ,সাংস্কৃতিক সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী,ৰাজ্য ভাষা মাতৃভাষা উপ সমিতিৰ আঞ্চলিক আহ্বায়ক গোপাল জালন,মুখপত্ৰ ড° সঞ্জীৱ কুমাৰ শৰ্মা,ৰামধেনু সমিতিৰ আহ্বায়ক মানিক আহমেদ,প্ৰাগজ্যোতিষ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক লেখক ড° পৰমানন্দ মজুমদাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, সাহিত্য অকাদেমিৰ বাল সাহিত্য সন্মানপ্ৰাপক যুগললোচম দাস,বিশিষ্ট লেখিকা লীনা শর্মাকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।সভাৰ অন্তত শলাগ জ্ঞাপন কৰে অনুষ্ঠানটোৰ আহ্বায়ক প্ৰফুল্ল বৰ্মনে।সভাৰ প্ৰৰাম্ভতে বিশিষ্ট গৱেষক পণ্ডিত ড° বাণীকান্ত শৰ্মা,বিশিষ্ট অধিবক্তা নিলয় দত্ত আৰু অসম সাহিত্য সভাৰ আজীৱন সভা পানীৰাম ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.