এটা কোৱাৰেণ্টাইন চেণ্টাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে

0 230

সাধাৰণতে কোৱাৰেণ্টাইন চেণ্টাৰ বুলিলে বন্দীত্ব জীৱন প্ৰণালীৰ ছবি এখন ভাঁহি আহে। য’ত পৰ্যাপ্ত সা সামগ্ৰীৰ অভাৱ হোৱাৰ এখন প্ৰতিছবি পৰিলক্ষিত হয়। আজি যিটো কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা জনাবলৈ লৈছো সেই কোৱাৰেণ্টাইন চেণ্টাৰটোৱে সকলোৰে মনত এক বিশেষধৰণেৰে সাঁচ বহুৱাবলৈ সক্ষম হৈছে।
 
এই কোৱাৰেণ্টাইন চেণ্টাৰটো সকলোতকৈ পৃথক। এই বিশেষ কোৱাৰেণ্টাইন চেণ্টাৰটো আছে বকোৰ জৱাহৰলাল নেহৰু কলেজত। এক সুন্দৰ সেউজীয়া নিৰিবিলি পৰিৱেশৰ মাজত কোৱাৰেণ্টাইন চেণ্টাৰটো অৱস্থিত। সংগীতৰ এক পৰিৱেশ কোৱাৰেণ্টাইন চেণ্টাৰটোত আছে। য’ত পুৱা-গধূলি বাজি উঠে বহু জনপ্ৰিয় তথা কালজয়ী গীত।
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সৰ্বমুঠ ১৪৩গৰাকী যুৱক এই কোৱাৰেণ্টাইন চেণ্টাৰটোত আছে।কামৰূপ জিলা প্ৰশাসনৰ অধীনত থকা এই কোৱাৰেণ্টাইন চেণ্টাৰটোৰ চৌহদত আছে বিভিন্নধৰণৰ ফুল।

Leave A Reply

Your email address will not be published.