এটা ব্যতিক্ৰমী ঘৰে সকলোকে আকৰ্ষণ কৰিছে

0 252

শিল্পী অৰুপ শইকীয়াই বাঁহ,কাঠ, আৰু concrete ৰে সাজি উলিয়াইছে এটা বিশেষ ধৰণৰ তিনিমহলীয়া ঘৰ।যোৱা বছৰ লকডাউনৰ সময়তে আৰম্ভ কৰি এতিয়া নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱা ঘৰটোত বাঁহ ,কাঠৰ অসমীয়া থলুৱা কাৰুকাৰ্য ভালদৰে প্ৰতিফলিত হৈছে।-যি আজিৰ প্ৰজন্মৰ মাজৰ পৰা হেৰাই যাব ধৰিছে।ঘৰটো তেখেতৰ পিতৃ মাতৃৰ নামেৰে (হেমাপদ্ম আলয়)নাম দিয়া হৈছে।
দেশে বিদেশে ইংৰাজী ভাওনা কৰি জনপ্ৰিয়তা অৰ্জন কৰা অৰুপ শইকীয়াই জানিবলৈ দিয়ে যে-প্ৰবাসী পৰ্যটক বা শিল্পীক অসমৰ থলুৱা উন্নত কাৰিকৰী বিদ্যা দেখাবৰ কাৰণে ঘৰভাগ সজা হৈছে।অসমত সহজতে উপলব্ধ বাঁহৰ গুণগত মান বিশ্ববন্দিত।ঘৰটোৰ প্ৰথম মহলাৰ চিৰিটো বাঁহৰে নিৰ্মিত আৰু তৃতীয় মহলালৈ যোৱাটো কাঠৰ।তৃতীয় মহলাটো studio হিচাপে ব্যৱহাৰ হব।মস্কো(Moscow) আৰ্হিত অসমীয়া থলুৱা কাৰুকাৰ্যৰ সংমিশ্ৰনৰে গঢ় লৈ উঠা ঘৰটো সম্প্ৰতি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.