এটা ভাল খবৰ-ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পালে দিহিং পাটকাইয়ে

0 236

অসমবাসীৰ বাবে এটা ভাল খবৰ।দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল।পূৰ্বে অভয়াৰণ্য হিচাপে এই উদ্যান জনাজাত আছিল।অসমৰ ৰাজ্যপাল প্রফেচাৰ জগদীশ মুখীৰ আনুষ্ঠানিক অনুমোদনৰ পাছতেই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিলে দিহিং পাটকাইয়ে।
উল্লেখযোগ্য যে দিহিং পাটকাইত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ,৩০০ প্ৰজাতিৰ পক্ষী,৩৫ প্ৰজাতিৰ মাছ,৪০তকৈ অধিক সৰীসৃপ,৭ টা প্ৰজাতি মেকুৰী,১৩২ টা প্ৰজাতিৰ পখিলা,ভালুক,উৰণীয়া কেৰ্কেটুৱা, বন গাহৰি,বিলুপ্ত প্ৰায়ী হলৌ বান্দৰ,বিভিন্ন প্ৰজাতিৰ শুকাঠি গছ লটিকা আৰু ১০৮ টা প্ৰজাতিৰ আৰ্কিড ভৰপুৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল।
বৰ্তমান আনুষ্ঠানিক ভাৱে অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱা বিষয়টোৱে বনাঞ্চল খনৰ ভৱিষ্যতক লৈ ৰাজ্য বাসীক আশাবাদী কৰি তুলিছে।উল্লেখ্য যে ২০০৪ চনৰ ১৩ জুনত দিহিং পাটকাইক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল।চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে।

Leave A Reply

Your email address will not be published.