এন আৰ এলক সৰ্বোত্তম পৰিচালিত কোম্পানী২০২০ বঁটাৰে পুৰস্কৃত

0 211

নুমলীগড় ৰিফাইনেৰী লিমিটেডক অগ্ৰণী ৰাষ্ট্ৰীয় পেছাদাৰী সংস্থা দ্য ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটাৰীজ অব ইণ্ডিয়াৰ দ্বাৰা কৰ্পোৰেট পৰিচালনাত উৎকৃষ্টতাৰ বাবে সৰ্বোত্তম পৰিচালিত কোম্পানী আনলিষ্টেড লাৰ্জ হিচাপে ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত কৰিছে।প্ৰতিষ্ঠানটিয়ে এনআৰএলৰ কোম্পানী সচিব শ্ৰী এইচ কে শৰ্মাক বৰ্ষটোৰ গৱৰ্ণেন্স প্ৰফেছনেল হিচাপেও পুৰষ্কৃত কৰিছে।
এখন প্ৰশস্তি পত্ৰ আৰু ট্ৰফী সন্নিবিষ্ট এই বঁটাটো এনআৰএলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাক অধ্যক্ষ আশিষ গাৰ্গে দ্বাৰা যোৱা ১৩ জানুৱাৰীত নতুন দিল্লীত প্ৰদান কৰা হয়।পুৰস্কাৰ সমাৰোহত ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰে ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় ৰেল,বাণিজ্য আৰু উদ্যোগ,উপভোক্তা পৰিক্ৰমা,খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী পীয়ূশ গোৱেল ,আদিত্য বিৰলা গ্রুপৰ অধ্যক্ষ কুমাৰ মঙ্গলম বিৰলা আৰু আইচিএছআইৰ সদস্য সকলে।কৰ্পোৰেট গৱৰ্ণেন্সত এই আইচিএছআই ৰাষ্ট্ৰীয় বঁটাটিয়ে কৰ্পোৰেট গৱৰ্ণেন্সত প্ৰচলিত সৰ্বোত্তম প্ৰথাক স্বীকৃতি প্ৰদান কৰে আৰু কৰ্পোৰেট খণ্ডত ভাল গৱৰ্ণেন্স আৰু সামাজিক দায়বদ্ধতাৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰে।

Leave A Reply

Your email address will not be published.