এন আৰ এলৰ পেপাৰলেছ কাৰ্যালয় সমাধান শুভাৰম্ভ

0 287

নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) ডিজিটেল পৰিবৰ্তনক গতি প্ৰদান কৰাৰ উদ্দেশ্যে ৰোডমেপৰ এক অংশ ৰূপে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
স্বাধীনতা দিৱসৰ শুভক্ষণ গৰকি কোম্পানীটোৱে আজি ডিজিটেলীকৰণৰ জৰিয়তে পেপাৰলেছ কাৰ্যালয় সমাধানৰ শুভাৰম্ভ কৰে আৰু বিভাগীয় প্ৰ’কিউৰমেণ্ট ৰিকুইজিশ্বন , কোম্পানীৰ ব্যৱসায়ী অংশীদাৰ , যেনে- ভেণ্ডৰ আৰু ঠিকাদাৰ সকলক প্রেমেণ্ট জাৰি কৰা আদি প্ৰক্ৰিয়াত পেপাৰলেছ সমাধান আৰম্ভ কৰা হৈছে।
 
 
 
এই ব্যৱসায় প্ৰক্ৰিয়াটো এন আৰ এলৰ পৰিচালনা সঞ্চালক এছ কে বৰুৱাই এখন ৱেবমিটিঙৰ জৰিয়তে এন আৰ এলৰ কাৰিকৰী সঞ্চালক বি জে ফুকন, বিত্ত সম্পাদক আই মিত্ৰ আৰু বিভিন্ন বিভাগীয় মুৰব্বী সমূহৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।
 
 
 
আৰোহণ শীৰ্ষত এই ANYTIME ANYWHERE ROBUST OFFICE SOLUTION FOR HARNESSING AUTOMATION এপ্লিকেশ্বনটো আই বি এম বিজনেছ অ’টোমেশ্বন ৱৰ্কফ্ল ছ’ফটৱেয়ৰে নিৰ্মাণ কৰি উলিয়াইছে।এই ছ’ফটৱেয়ৰটোৰ কেইবাটাও সুবিধা আছে।বিশেষকৈ ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত ৱৰ্ক ফ্ৰম হোমক উৎসাহিত কৰা আৰু ফাইল আৰু নথিপত্ৰৰ ভৌতিক ৰূপত হেণ্ডেলিং লাহে লাহে পৰ্যায় ক্ৰমে কৰিব পৰা হ’ব।
 
 
এই এপ্লিকেশ্বনটোৱে সম্পূৰ্ণ প্ৰ’কিউৰমেণ্ট প্ৰক্ৰিয়াটো সুৰক্ষিত আৰু পাৰদৰ্শী কৰি তুলিব।প্ৰস্তাৱ সমূহ অনলাইন পৰিচালনা সুনিশ্চিত কৰিব আৰু ২৪×৭ চক্ৰত কাম সম্পন্ন হ’ব।যদিও এই এপ্লিকেশ্বনটো বাণিজ্যিক প্ৰক্ৰিয়া সুচাৰুপে সমাধান কৰা বাবে আৰম্ভ কৰা হৈছে,এই পদ্ধতিটো কোম্পানীটো মানৱ সম্পদ সম্পৰ্কীয় প্ৰক্ৰিয়া তথা বেনিফিট মেনেজমেণ্ট আৰু এছ এ পিৰ জৰিয়তে সমাধান কৰা সকলো আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া সমূহ সমাধান কৰাৰ বাবেও বাস্তৱায়িত কৰা হ’ব ।

Leave A Reply

Your email address will not be published.