এন আৰ এলৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 201

ক’ভিড প্ৰ`টকল মানি যোৱা ২২ এপ্ৰিলত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষ্যে নুমলীগড়ৰ এন আৰ এল টাউনশ্বিপস্থিত কুঞ্জকাননত এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই এন আৰ এলৰ সঞ্চালক (কাৰিকৰী), বি জে ফুকন, এন আৰ এলৰ সঞ্চালক (বিত্ত) শ্ৰী আই মিত্ৰ আৰু কোম্পানীটোৰ অন্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত এন আৰ এলৰ থীম সংগীত পৰিৱেশন কৰা হয় আৰু লগতে অসমীয়া, হিন্দী আৰু ইংৰাজীত এন আৰ এল দিৱসৰ সংকল্প গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী কোম্পানীটোৰ
অন্য সকলো কাৰ্যালয় স্থানতো অনুষ্ঠিত হয়। এই উপলক্ষ্যে ভাষণ প্রদান কৰি পৰিচালন সঞ্চালক এছ কে বৰুৱাই ৯০ দশকৰ আৰম্ভণিতে ১৯৯৩ ত প্ৰতিষ্ঠা হোৱা কোম্পানীটোৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে অৱগত কৰে আৰু শোধনাগাৰ প্ৰকল্পটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ মাজেৰে মজবুত স্থিতিৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি শোধনাগাৰ গঢ়াৰ সপোন বাস্তৱত ৰূপায়ন কৰা সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
আনহাতে, সঞ্চালক (কাৰিকৰী)বি জে ফুকনে অনুষ্ঠানত ভাষণ প্ৰদান কৰি বৰ্তমানৰ গতিশীল পৃথিৱীত শক্তিৰ ভৱিষ্যতে দৃষ্টান্তমূলক পৰিৱৰ্তনৰ পথেৰে গতি কৰাৰ পৰিপ্ৰেক্ষিতত, কোম্পানীটোৰ কৰ্মচাৰীসকলক এই পৰিবৰ্তনৰ পথত দীৰ্ঘকালীন সময়ৰ বাবে প্ৰাসংগিক আৰু বৰ্তি থকাকৈ নিজকে গঢ়ি তোলাৰ ওপৰত গুৰত্ব আৰোপ কৰে। সঞ্চালক আই মিত্রই
ক’ভিড ১৯ মহামাৰীৰ সময়ত কেইবাবাৰো এন আৰ এলৰ কৰ্মচাৰীসকলে আন্তৰিকতাৰে কৰা প্রয়াসক স্বীকৃতি
প্রদান কৰাৰ লগতে কোম্পানীটোৰ অৱদানৰ লক্ষণীয় দিশসমূহৰ বিষয়ে আৰু এন আৰ এলৰ বৃহৎ প্রকল্প ৰূপায়নৰ অভিলাষী আঁচনিৰ বিষয়ে অৱগত কৰে।
এন আৰ এল দিৱস কাৰ্যসূচীৰ অংশ ৰূপে কৃষি খণ্ডৰ ক্ৰিয়াকলাপৰ লগত জড়িত সমীপতী গোটক চাৰিখন
মিনি ট্ৰাক প্ৰদান কৰা হয়। কৰ্মচাৰী পৰামৰ্শ আঁচনি ২০২০ “Be The Change” ৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত
কৰা হয় আৰু পুৰস্কাৰ লাভ কৰা সকলক প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। আনহাতে বৰ্দ্ধিত ক’ভিড-১৯ ৰোগৰ প্ৰতি
লক্ষ্য ৰাখি প্রতিষ্ঠা দিৱসৰ দিনাই সমীপৱৰ্তী বজাৰত এক লাখ তিনি তৰপীয়া ফেছ মাস্ক বিতৰণ কৰা হয়।
এন আৰ এলৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এন আৰ এল টাউনশ্বিপত মল নিস্কাশন প্রণালী,ফ’টোন্‌জ” ব্ৰেণ্ডৰ দুখন মোবাইল ডিস্পেনছিং বাহন তথা নতুন ইলিভেটেড ফ্লেয়াৰৰ শুভাৰম্ভ কৰা হয়। শেষত এন আৰ এল প্ৰশাসনীয় ভৱন স্থিত নতুনকৈ উদ্বোধন কৰা বোৰ্ড ৰামত এখন ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰা হয়।
এই ভিডিঅ’ কনফাৰেন্সত পৰিচালন সঞ্চালক আৰু সঞ্চালক মণ্ডলী সম্বদ্ধিতে কোম্পানীটোৰ অন্য স্থানত অৱস্থিত
কাৰ্যালয় সমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.