এন আৰ এল আইডিয়েশ্বন ভাৰ্ছুৱেল ষ্টাৰ্ট আপ সন্মিলন ২০২১ অনুষ্ঠিত

0 426

এন আৰ এলে বিগত ২১ অক্টোবৰ,২০২১ ত কোম্পানীটোৰ ধ্বজাবাহী ষ্টাৰ্ট আপ প্ৰ’গ্ৰেম এন আৰ এল আইডিয়েশ্বনৰ দ্বাৰা বিত্তীয় সহায় প্ৰদান কৰা ষ্টাৰ্ট আপ সমূহৰ ভাৰ্চুৱেল ষ্টাৰ্ট আপ সন্মিলন, অনুষ্ঠিত কৰে।উল্লেখ্য,এন আৰ এলৰ দ্বাৰা ২০১৭ চনত ধ্বজাবাহী ষ্টাৰ্ট আপ প্ৰ’গ্ৰেম NRL iDEATION ৰ শুভাৰম্ভনি কৰা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ অগ্ৰণী ষ্টাৰ্ট আপ সকলে অংশগ্ৰহণ কৰে।অনুষ্ঠানত ইংলেণ্ড আৰু আমেৰিকাৰ বিশিষ্ট অতিথি বক্তাই বক্তব্য প্ৰদান কৰে।
সন্মিলনত এন আৰ এলৰ পৰিচালনা সঞ্চালক এছ কে বৰুৱাই এন আৰ এলৰ কাৰিকৰী সঞ্চালক বি জে ফুকন,এন আৰ এলৰ বিত্ত সঞ্চালক ইন্দ্ৰনীল মিত্ৰৰ উপস্থিতত কোম্পানীটোৰ গুৱাহাটীস্থ কৰ্পোৰেট কাৰ্যালয়ৰ পৰা সঞ্চালনা কৰে।এই অনুষ্ঠানত এন আৰ এলৰ জেষ্ঠ মুখ্য মহা প্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ আৰু এন আৰ এলৰ কোম্পানী সচিব এইচ কে শৰ্মা উপস্থিত থাকে।এই উপলক্ষে ভাষণ প্ৰদান কৰি এন আৰ এলৰ পৰিচালনা সঞ্চালক এছ কে বৰুৱাই বৰ্তমান প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ নিৰ্মাণ আৰু অঞ্চলটোৰ সমস্যা সমূহৰ সমাধান বাবে সকলোকে অংশীদাৰ হ’বলৈ প্ৰেৰণা যোগায়।আনহাতে কাৰিকৰী আৰু বিত্ত সঞ্চালকে তেওঁলোকৰ ভাষণত বিশ্বৰ ষ্টাৰ্ট আপ ইক’ চিষ্টেমৰ বিভিন্ন দিশ আৰু উত্তৰ পূব ভাৰতৰ ষ্টাৰ্ট আপৰ ক্ষেত্ৰতে থকা প্ৰত্যাহ্বানৰ ওপৰত আলোচনা আগবঢ়াই।
ইংলেণ্ডৰ ফিটনেছ ষ্টাৰ্ট আপ ফিটএক্সআৰ সহ সংস্থাপক সমীৰ বৰুৱাই অনুষ্ঠানত মুখ্য ভাষণ প্ৰদান কৰে।তেওঁ ইংলেণ্ড আৰু চিলিক’ন ভেলীৰ সফল ষ্টাৰ্ট আপৰ বাবে সাফল্য ৰণনীতিৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়াই।উল্লেখ্য,তেওঁৰ ষ্টাৰ্ট আপে বিশেষকৈ মহামাৰী সময়ছোৱাত ফিটনেছ উদ্যোগৰ ক্ষেত্ৰখনত ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) আৰু অ’গমেন্টেড ৰিয়েলিটি (এ আৰ)ৰ ওপৰত বিশেষ দক্ষতাৰে কাম কৰি দেখুৱাই।এই সন্মিলনত কেৰেলা ডিজিটেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা কেৰেলা ষ্টাৰ্ট আপৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া সাজী গোপীনাথ, ইনভেছমেণ্ট বেংকাৰ ৰাহুল শইকীয়া, নেডফিৰ সহ প্ৰবন্ধক প্ৰশান্ত তালুকদাৰ আৰু অসম ষ্টাৰ্ট আপৰ চি অ’ অ’ প্ৰাঞ্জল কোঁৱৰৰ দৰে অন্য বিশিষ্ট ষ্টাৰ্ট আপ ব্যক্তিত্বই অংশগ্ৰহণ কৰে।
সন্মিলন খনৰ শুভাৰম্ভ এন আৰ আইডিয়েশ্বনৰ আৰম্ভণিৰে পৰা যাত্ৰা তথা উপলদ্ধিৰ দৃশ্যাংশৰ এক দৃশ্য শ্ৰাব্য প্ৰস্তুতিৰে হয়। আনহাতে এন আৰ এল আইডিয়েশ্বনৰ ষ্টাৰ্ট আপৰ প্ৰস্তুতিৰে অনুষ্ঠানটোৰ সামৰণি কৰা হয়।ইয়াৰ পিছত প্ৰশ্ন উত্তৰ শিতান আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।এই অনুষ্ঠানত এন আৰ এলৰ ষ্টাৰ্ট আপ সমূহক তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শন বাবে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।২০১৭ চনৰ ৪ জুলাইত এন আৰ এল আইডিয়েশ্বনৰ উদ্বোধন কৰা হৈছিল আৰু যোৱা চাৰি বছৰতকৈ অধিক কাল এই কাৰ্যসূচীৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ নিৰ্মান,সুদৃঢ়কৰণ আৰু উন্নয়নৰ উদ্দেশ্যেৰে আগুৱাই গৈ আছে আৰু ভৱিষ্যতৰ ৰোড মেপ প্ৰস্তুত কৰিছে।এন আৰ এল আইডিয়েশ্বন উত্তৰ পূব ভাৰতৰ বিকশিত ষ্টাৰ্ট আপ ইক’ চিষ্টেমক উচিত বিত্ত সহযোগিতা প্ৰদান কৰা ওপৰত কেন্দ্ৰীত।এতিয়ালৈকে ই প্ৰফ অৱ কনছেপ্টৰ পৰা স্কেল আপ আৰু এগ্ৰি এণ্ড এলাইডৰ পৰা এছ এ এ এছ খণ্ডলৈ বিস্তৃত হৈ আছে।বৰ্তমানলৈকে ২৮ টা ষ্টাৰ্ট আপৰ জৰিয়তে সাত কোটি টকা বিনিয়োগ কৰা হৈছে।

Leave A Reply

Your email address will not be published.