এন চি চিৰ বায়ু শাখাৰ কেডেটৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিথলীত চাফাই অভিযান

0 305

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) বায়ু শাখাৰ ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ উদ্যোগত যোৱা ১৩ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিথলীত এক চাফাই অভিযান চলোৱা হয় । ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন ৰাজীৱ বিষ্ণয়ৰ নেতৃত্বত কেডেট সকলে হাতে হাতে ঝাড়ু লৈ প্ৰতিমূৰ্তি চৌহদত থকা জাৱৰ যৌথৰ সমূহ আঁতৰ কৰাৰ উপৰি মহান ব্যক্তিজনৰ প্ৰতিমূৰ্তিটোও কাপোৰৰে ঘঁহি পিহি সম্পূৰ্ণকৈ চাফ চিকুণ কৰে । আনহাতে কেডেট সকলৰ এই মহান প্ৰয়াসক বিশ্ববিদ্যালয়ৰ সকলোৱে একেমুখে প্ৰশংসা কৰিছে ।উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ কেডেট সকলে সময়ে সময়ে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত চাফাই অভিযানকে ধৰি বিভিন্ন জনহিতকৰ কাম কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.