এন ডি আৰএফৰ উদ্যোগত পশ্চিম গুৱাহাটীত ছাত্র ছাত্ৰীৰ মাজত ক’ভিড সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত

0 229

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এন ডি আৰ এফ) উদ্যোগত পশ্চিম গুৱাহাটীৰ ৰাণী হাইস্কুলত ১৫ অক্টোবৰত ছাত্র ছাত্ৰীৰ মাজত এক ক’ভিড সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
 
প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেন্ট ৰণধীৰ সিং গীলৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত বাহিনীটোৰ বিষয়া জোৱান সকলে ছাত্র- ছাত্ৰী সকলক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হ’লে হাত ধোঁৱা, সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, চেনিটাইজৰ ব্যৱহাৰ, জন সমাগম এৰাই চলাকে ধৰি কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কৌশল সমূহ প্ৰদৰ্শন কৰে।
 
কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে ক’ভিড বিধি সমূহ মানি ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ত পাঠদানত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।
 

Leave A Reply

Your email address will not be published.