এন ডি আৰ এফে আৰ্তজনক সাহাৰ্য্য বিতৰণ কৰিলে

0 230

দেশজুৰি চলি থকা লকডাউনৰ বাবে দুখীয়া লোকসকল সংস্থাপনহীন হ’লেও তেওঁলোকে যাতে অনাহাৰে থাকিবলগীয়া নহয় তাৰ বাবে গুৱাহাটীৰ আজাৰাৰ পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এন ডি আৰ এফ) য়ে বিগত দিনকেইটাত গুৱাহাটী মহানগৰীৰ কাষৰীয়া অঞ্চলকে ধৰি কামৰূপ জিলাৰ কেতবোৰ ভিতৰুৱা অঞ্চলত ৰন্ধা খাদ্য বিতৰণ কৰি আহিছে।
 
 
২৬এপ্ৰিলৰ দিনা প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্ত্বাৱধানত বৰঝাৰ বিমান বন্দৰৰ কাষৰীয়া বৰকুছি গাঁও আৰু চাংসাৰিৰ সমীপৰ কাটামুৰা গাঁওত ৫৯৫গৰাকী দুখীয়া লোক, আৱদ্ধ শ্ৰমিকক ৰন্ধা খাদ্য বিতৰণ কৰে।
 
 
গুৱাহাটিস্থিত অমৃত ভোগ ভাণ্ডাৰৰ ৰন্ধা খাদ্য বিতৰণৰ কাৰ্যসূচীত এন ডি আৰ এফৰ বিষয়া জোৱান সকলে সকলো স্থানতে সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে সকলো নীতি নিয়ম মানি চলে বুলি বাহিনীটোৰ সূত্ৰত প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.