এপ’ল’ হস্পিতালে চিনিয়ৰ চিটিজেন কেয়াৰ আৰম্ভ কৰিছে

0 245

এপ’ল হস্পিতালে আজি চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰামৰ শুভাৰম্ভ কৰিছে। এই কাৰ্য্যক্ৰমৰ অধীনত প্ৰতিজন জেষ্ঠ নাগৰিকে হাস্পতালখনৰ তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিব।
 
 
সমাজৰ বয়সিয়াল সকলো জেষ্ঠ নাগৰিকে এপ’ল’ হস্পিতাল আৰু এপ’ল’ মেডিকেল চেণ্টাৰৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সুবিধা সমূহ লাভ কৰিব।চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগামৰ অধীনত গুৱাহাটীৰ এপ’ল’ হস্পিতালে স্বাস্থ্যসেৱা যেনে এপ’ল’ স্বাস্থ্য পৰীক্ষা, লেবৰেটৰী তথা ৰেডিঅ’লজী পৰীক্ষা নিৰীক্ষা আদিত বিশেষ ৰেহাই প্ৰদান কৰিব। ইয়াৰ উপৰিও হস্পিতাল ঘৰৰ পৰা ৰক্ত নমুনা সংগ্ৰহ ,ৰোগীৰ ঘৰলৈ ঔষধ-পাতি যোগান আৰু জৰুৰী কালীন সময়ত গুৱাহাটী মহানগৰৰ ভিতৰত এম্বুলেঞ্জ সেৱা বিনামূলীয়া ভাৱে প্ৰদান কৰিব প্ৰতিজন জেষ্ঠ নাগৰিকক। এই সেৱা অতি শীঘ্ৰেই কাৰ্য্যকৰী হ’ব।

Leave A Reply

Your email address will not be published.