এপ’ল’ হস্পিতালৰ সজাগতামূলক কাৰ্য্যসূচী

0 242

বিশ্ব শ্বাসৰোগ সজাগতা দিৱস উপলক্ষে গুৱাহাটী এপ’ল’ হস্পিতালে এজমাৰ সজাগতাৰ বাবে আজি এক ৱাকাথন কাৰ্য্যসূচী গ্ৰহণ কৰে।হস্পিতালৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই কাৰ্য্যসূচীত চিকিৎসক, নাৰ্চৰ লগতে হস্পিতালৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।কাৰ্য্যসূচী উপস্থিত থাকি হস্পিতালৰ চিকিৎসা সেৱাৰ পৰিচালক ডাক্তৰ ৰোহিত জয়ছোৱালে জনায় যে যদি কোনো ৰোগীয়ে দীৰ্ঘ দিন ধৰি কাঁহি থাকে আৰু উশাহ নিশাহ লোৱাত কষ্ট পায় তেতিয়া অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন ।তেতিয়া ৰোগীজনে সহজতে উপশম পাব পাৰে।এই উপলক্ষে হস্পিতালৰ ৰোগীসকলক দিনজুৰি হাওঁফাওঁৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰায় আৰু হস্পিতালৰ ৰোগীসকলৰ মাজত লিফলেট বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.