এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই ছেনিটাইজ কৰিব পৰা অত্যাধুনিক বাকচ নিৰ্মাণ কৰি উলিয়াইছে

0 298

সমগ্ৰ দেশজুৰি বৰ্তমান অব্যাহত আছে ক’ৰণা মহামাৰীৰ তাণ্ডৱ। এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ৰাজ্যৰ সকলো ক’ভিড আক্ৰান্ত ৰোগী তথা ইয়াৰ সৈতে জড়িত হৈ থকা চিকিৎসক সকলৰ কাৰণে গুৱাহাটীস্থিত এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই নিৰ্মাণ কৰি উলিয়াইছে এক অত্যাধুনিক বাকচ।
 
 
এই সন্দৰ্ভত আজি এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদমেল খন সম্বোধন কৰে এপ’ল’ হস্পিতালৰ এনাস্থেচিয়া বিভাগৰ প্ৰধান ড° জয়ন্তী আৰু বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰধান দেৱীকা সিনহাই। আজি অনুষ্ঠিত সংবাদমেল খনত এপ’ল’ হস্পিতালৰ বায়’মেডিকেল ইঞ্জিনিয়াৰিং বিভাগে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা ইউ ভি ষ্টেৰিলাইজেচন বাকচটো সন্দৰ্ভত বিশেষভাৱে বৰ্ণনা কৰে। 
 

উল্লেখ্য যে ইউ ভি ষ্টেৰিলাইজেচন বাকচৰ সমান্তৰালভাৱে  নিৰ্মাণ কৰি উলিয়াই এইৰ’চ’ল এক্ৰিলিক বাকচ। এই এইৰ’চ’ল এক্ৰিলিক বাকচটো আই চি ইউ আৰু অ’ টিৰ চিকিৎসকসকলৰ বাবে সুবিধাজনক হ’ব। যাৰ জৰিয়তে ৰোগীসকলৰ মুখৰ পৰা নিৰ্গত হোৱা বিষাক্ত এইৰ’চ’লৰ পৰা চিকিৎসকসকলে নিজকে সুৰক্ষা কৰিব পাৰিব। ইউ ভি ষ্টেৰিঅ’লাইজড বাকচটো নিৰ্মাণ কৰোতে ইউ ভি জি আই ডিচইনফেক্টেড প্ৰক্ৰিয়াৰ ব্যৱহৃত হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে সুক্ষ্ম জীৱাণুসমূহ ধ্বংস কৰিব পৰা যায়।
 
 
উল্লেখযোগ্য যে এই বাকচটোৰ ভিতৰত চিকিৎসাত ব্যৱহাৰ হোৱা ষ্টেট’স্ক’প, গ্লাচ, মাস্ক, কাগজ পত্ৰ, টকা পইচা তথা মোবাইল ফোনৰ দৰে সঁজুলিসমুহ কিছু সময়ৰ বাবে বাকচটোত ৰাখি চেনিটাইজ কৰিব পৰা যায়।
 
 
এই এইৰ’চ’ল এক্ৰিলিক বাকচবোৰ চিকিৎসক আৰু অস্ত্ৰোপচাৰক সকলৰ বাবে সংক্ৰমণ ৰোধৰ এক বিশেষ  আহিলা। এই সঁজুলিবিধৰ দ্বাৰা আই চি ইউ আৰু অ’ টিত স্বাস্থ্যকৰ্মী সকলে ইনটিউকেশ্বনৰ সময়ছোৱাত পি পি ই কীট পৰিধান নকৰিলেও কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।
 
 
ইতিপূৰ্বে এই বাকচ দুটাৰ ব্যৱহাৰ হৈছে বুলি জানিবলৈ দিয়ে এনাস্থেচিয়া বিভাগৰ প্ৰধান ড° জয়ন্তীয়ে। ব্যৱহাৰ কৰাৰ পূৰ্বেই ইয়াৰ সকলোধৰণৰ মাইক্ৰ’বায়’ল’জি পৰীক্ষা সমাপন কৰিছে বুলিও জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে। এই বাকচ দুটাৰ জৰিয়তে কোনোধৰণৰ বায়ু প্ৰদুষন নহয় বুলিও তেখেতে জানিবলৈ দিয়ে। এই বাকচ দুটাৰ নিৰ্মাণৰ জৰিয়তে চাফ চিকুণতা একেবাৰে বৰ্তাই ৰখাত এপ’ল’ হস্পিতাল কৰ্তৃপক্ষই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Leave A Reply

Your email address will not be published.