এম এচ এম ই এজেন্টৰ সৈতে এন আৰ এলৰ ৱেবিনাৰ অনুষ্ঠিত

0 279

এন আৰ এলে কোম্পানীটোৰ সৈতে জড়িত মধ্যম আৰু ক্ষুদ্ৰ উদ্যোগ বিক্ৰেতা আৰু ঠিকাদাৰসকলৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰখা তথা প্ৰযুক্তিৰ মাধ্যমৰ সু ব্যৱহাৰ কৰা দেখা পোৱা গৈছে। এন আৰ এলত এম এচ ইৰ ব্যৱসায়ৰ সুযোগ সুবিধা শীৰ্ষক এখন ৱেবিনাৰ যোৱা ৩০এপ্ৰিলত কোম্পানীটোৰ দ্বাৰা অনুষ্ঠিত কৰা হয়।
 
কোম্পানীটোৰ কাৰ্যসূচী অনুসৰি যদিও ই বাৰ্ষিক কাৰ্যসূচীৰ অন্তৰ্গত, কিন্তু বৰ্তমানৰ দেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত এম এচ ইৰ এই বৈঠকখন এইবাৰ ৱেবিনাৰ হিচাপেই অনুষ্ঠিত কৰা হয়। এই ভাৰ্চুৱেল সভাই ৮৫তকৈও অধিক এম এচ ই উৎপাদনকাৰী আৰু সেৱা যোগান ধৰোতাৰ দৃষ্টি আকৰ্ষণ কৰে আৰু সম্পূৰ্ণ সহযোগিতা লাভ কৰে। এক দায়িত্বজন সম্পন্ন কৰ্প’ৰেট নাগৰিক হিচাপে এন আৰ এলে চৰকাৰী নীতি নিৰ্দেশনা ব্যৱসায় বাণিজ্যৰ সুযোগ সুবিধা সৃষ্টিৰ জৰিয়তে এম এচ ই সমূহক সদায়ে সহযোগিতা আগবঢ়াই আহিছে।

এন আৰ এলৰ জ্যেষ্ঠ চি জি এম কৰ্প’ৰেট এফেয়াৰ্চ নিকুঞ্জ বৰঠাকুৰে মূল ভাষণ প্ৰদানেৰে ৱেবিনাৰ খন আৰম্ভ কৰে আৰু ৱেবিনাৰত অংশ লোৱা সকলোকে আদৰণি জনায়। তেখেতে এন আৰ এলত এম এচ ই সমূহৰ সবল সুযোগৰ বাবে বিশেষকৈ কোম্পানীটোৰ শেহতীয়াকৈ মেগা ৰিফাইনেৰী প্ৰকল্পৰ সন্দৰ্ভত সৃষ্টি হ’ব পৰা ব্যৱসায় বাণিজ্যৰ সুবিধাৰ বিষয়ে অৱগত কৰে। এন আৰ এলৰ বিভিন্ন বিভাগৰ কাম, কমাৰ্চিয়েল, মেইনটেনেন্স তথা বিত্ত বিভাগৰ বিষয়া সমূহে তথা এম এচ ই সমূহে উৎপাদন তথা সেৱা আগবঢ়াব পৰা, বৰ্তমান চলি থকা তথা আহিবলগীয়া প্ৰকল্প সমূহৰ বিষয়ে বিতং প্ৰতিবেদন উপস্থাপন কৰে।
নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্প’ৰেছনৰ জ’নেল জেনেৰেল মেনেজাৰ (উত্তৰ পূৱ) ড° অবিনাশ চৌধুৰীয়ে ৱেবিনাৰখন সম্বোধন কৰি চৰকাৰৰ দ্বাৰা অনুমোদিত বিশেষ শিতানৰ সদব্যৱহাৰ কৰিবলৈ এম এচ ই সমূহক উদগণি যোগায়। ৱেবিনাৰ খনৰ শেষত অনুষ্ঠিত হোৱা এখন ৱেবিনাৰ অপেন চেছনত অংশগ্ৰহণকাৰী সকলে সোধা প্ৰশ্ন সমূহৰ, এন আৰ এলৰ জি এম(কমাৰ্চিয়েল) এন কে বুঢ়াগোহায়ে সুদোত্তৰ আগবঢ়ায় যি এন আৰ এলৰ ৱেবছাইটত উপলব্ধ হ’ব। এন আৰ এলে এই তথ্য প্ৰযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমানৰ পৰা এজেণ্টসকলৰ সৈতে যোগাযোগ আৰু নেটৱৰ্কিঙৰ ক্ষেত্ৰত অধিকভাৱে প্ৰযোজ্য কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এজেণ্ট সমূহে কাৰ্যকৰীভাৱে কোম্পানীটোৰ সৈতে জড়িত হৈ বিজিনেছ পাৰ্টনাৰ হিচাপে সহযোগিতা আগবঢ়াব পাৰে।
ক’ভিড১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত এন আৰ এলে ইয়াৰ প্ৰশাসনীয় তথা বিভিন্ন সেৱা আগবঢ়োৱা বিভাগসমূহৰ গৰিষ্ঠসংখ্যক কৰ্মচাৰীয়ে যাতে ফলপ্ৰসুভাৱেই ঘৰৰ পৰাই আগবঢ়াব পাৰে তাৰ উদ্দেশ্যে কোম্পানীটোৱে তথ্য প্ৰযুক্তি তথা ডিজিটেল মাধ্যমসমূহৰ অনুধাৱন কৰে। কোম্পানীটোৱে ভি পি এন সংযোগ আৰু চেপলৈ(এ এচ পি) সংযোগ সম্ভৱপৰ হোৱাকৈ প্ৰয়োজনীয় ছফটৱেৰৰ সু ব্যৱস্থা কৰিছে। দৈনিক আৰু বিভাগীয় মিটিং তথা এন আৰ এল ব’ৰ্ডৰ ষ্টেণ্ডিং কমিটিৰ উচ্চ পৰ্যায়ৰ মিটিংসমূহ অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰা হৈছে। যাতে ব্যৱসায় আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহৈ সুকলমে কাৰ্য পৰিচালনা সম্ভৱ হয়।

Leave A Reply

Your email address will not be published.