এয়াৰটেলে এৰিক্সনৰ সৈতে অংশীদাৰীত্বৰে ভাৰতৰ প্ৰথম গ্ৰাম্য ৫জি ট্ৰায়েল

0 197

ভাৰতী এয়াৰটেল (এয়াৰটেল) আৰু এৰিক্সন (নাছডেক: এৰিক)য়ে ভাৰতৰ প্ৰথম গ্ৰাম্য ৫জি নেটৱৰ্ক ট্ৰায়েল কৰিছে। তেওঁলোকে দিল্লী/এনচিআৰৰ উপকণ্ঠৰ ভাইপুৰ ব্ৰহ্মন গাঁৱত প্ৰথম ৫জি ট্ৰায়েল কৰিছে।যি ৫জি ট্ৰায়েল টেলিকম বিভাগৰ দ্বাৰা এয়াৰটেলক আৱণ্টন কৰা স্পেকট্ৰামৰে কৰা হৈছে।
ট্ৰায়েলটোৱে ডিজিটেল বিভাজন দূৰ কৰাৰ দিশত ৫জি-ৰ দ্বাৰা আগবঢ়োৱা বিশাল সম্ভাৱনা প্ৰদৰ্শন কৰে।লগতে ম’বাইল ব্ৰডবেণ্ড (ইএমবিবি) আৰু ফিক্সড ৱায়াৰলেচ এক্সেছ (এফডব্লিউএ) সেৱাৰে উচ্চ গতিৰ ব্ৰডবেণ্ডৰ প্ৰৱেশাধিকাৰৰ পথ প্রদর্শন কৰি তোলে।পৰীক্ষণটোৰ মুখ্য আকৰ্ষণ আছিল ৫জি এফডব্লিউএ ডিভাইচৰ পৰা ১০ কিলোমিটাৰ দূৰত্ব ছাইটলৈ ৩জিপিপি-ত ২০০এমবিপিএছৰ অধিক সাঙুৰি লোৱাটো। পৰীক্ষণৰ অংশ হিচাপে, বাণিজ্যিকভাৱে উপলব্ধ ৩জিপিপি-আধাৰিত ৫জি স্মাৰ্টফোনটোৱে ৫জি পৰীক্ষা নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু ১০০+ এমবিপিএছ গতি ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা স্থানটোৰ পৰা সংযোগৰ বাবে ১০ কিলোমিটাৰ দূৰত্বলৈ লৈ যোৱা হৈছিল।
৫জি ছাইট আন্তঃগাঁথনিটো এৰিক্সনৰ ৩জিপিপি-অনুসৰণকাৰী ৫জি ৰেডিঅ’ৰ দ্বাৰা চালিত হৈছিল। পৰীক্ষণটো ৩৫০০ মেগাহাৰ্জ বেণ্ড আৰু এফডিডি স্পেকট্ৰাম বেণ্ডত
আৱণ্টিত মিড-বেণ্ড ট্ৰায়েল স্পেকট্ৰাম ব্যৱহাৰ কৰি সম্পন্ন কৰা হৈছিল। পৰীক্ষণৰ ফলাফলে ৫জি ব্যৱহাৰ কৰিবলৈ এয়াৰটেলৰ সামৰ্থ্য প্ৰদৰ্শন কৰে।
এয়াৰটেল চিটিঅৰ ৰণদীপ সিং চেখোন(Randeep Singh Sekhon)এ কয়, ভাৰতৰ গ্ৰাম্য অঞ্চলত প্ৰথম ৫জি ট্ৰায়েল কৰি গৌৰৱ অনুভৱ কৰিছো। ভাৰতৰ প্ৰথম ৫জি নেটৱৰ্ক প্ৰদৰ্শন কৰাৰ পিছত প্ৰথম ৫জি ক্লাউড গেমিং অভিজ্ঞতা লাভ কৰিছোঁ। ৫জি এক পৰিৱৰ্তনশীল প্ৰযুক্তি হ’ব, যেতিয়া ই এফডব্লিউএৰ জৰিয়তে অন্তিম মাইললৈ ব্ৰডবেণ্ড কভাৰেজ প্ৰদান কৰি সামগ্ৰিক ডিজিটেল অৰ্থনীতিত অৰিহণা যোগাব। এয়াৰটেল ৫জিৰ অংশীদাৰিত্বত এৰিক্সন থাকিব।
দক্ষিণ পূব এছিয়া, ওচেনিয়া আৰু ভাৰতৰ এৰিক্সনৰ মুৰব্বী নুঞ্জিঅ মিৰ্টিলোৱে কয়, প্ৰযুক্তিৰ এক মাইলৰ খুঁটিৰূপে পৰিচিত ৫জি ট্ৰায়েলৰ অংশ হৈছে এৰিক্সন।ভাৰতত এৰিক্সন আৰু এয়াৰটেলে এক হৈ ৫জি ট্ৰায়েল কৰিছে। যিটো সম্প্ৰসাৰিত কভাৰেজৰ এক মাইলৰ খুঁটি। ভাৰতত ট্ৰায়েল আৰু অধিক গুৰুত্বপূৰ্ণ কিয়নো ই দেখুৱায় যে ৫ জিয়ে সংযোগ সাধন কৰিব পাৰে। ৫জি-য়ে দেশৰ বাবে এক আৰ্থ-সামাজিক গুণক হিচাপে কাম কৰিব। এৰিক্সনৰ অধ্যয়ন মতে,গড় হিচাপত, ম’বাইল ব্ৰডবেণ্ড গ্ৰহণ অনুপাতৰ ১০ শতাংশ বৃদ্ধি মানে জিডিপিত ০.৮ শতাংশ বৃদ্ধি।
ভাৰতী এয়াৰটেল আৰু এৰিক্সনে ১জিবিপচনতকৈ অধিক বৰ্ধিত গতি বেগ এটা লাইভ ৫জি নেটৱৰ্ক স্থাপন কৰিবলৈ অংশীদাৰীত্ব কৰিছে। তেওঁলোকে গুৰগাঁৱত চাইবাৰ হাবত স্থাপন কৰিব। য’ত পৰীক্ষণৰ ব্যৱহাৰ হ’ব ভাৰতীৰ ৩৫০০ মেগাহাৰ্জ স্পেকট্ৰাম ব্যৱহাৰ হ’ব। এই বছৰৰ জানুৱাৰীৰ আৰম্ভণিতে দুয়োটা কোম্পানীয়ে বাণিজ্যিকভাৱে স্থাপন কৰা এটাত এৰিক্সন স্পেকট্ৰাম ভাগ বতৰা কৰিবলৈ আগবাঢ়িছে।

Leave A Reply

Your email address will not be published.