ঐক্য সংহতিৰ পৰিচয় বহন কৰা গামোচাখনৰ কথাৰে

0 263

এখন ৮৮ ফুট দৈৰ্ঘ্যৰ গামোচা।এই বিশেষ গামোচাখনত ৫১ খন জিলা সমিতিৰ নাম লিপিবদ্ধ কৰিছে।জাতীয় ঐক্য, সংহতিৰ পৰিচয় বহন কৰা গামোচাখন চাবলৈ অসংখ্য লোকৰ সমাগম হৈছে।উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশনত গামোচাখন প্ৰদৰ্শিত হ’ব।অহা ৬ ফেব্ৰুৱাৰী পৰা ৯ফেব্ৰুৱাৰীলৈ মৰিগাঁও চহৰৰ সমীপৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰ মূল মণ্ডপত এই বিশেষ গামোচাখন আঁৰিব। বসুমতী পাটৰ নাম শিপিনীগৰাকীৰ নেতৃত্বৰ এটা দলে গামোচাখন আজি ৬মাহ ধৰি তাঁতশালত বৈ আছে।এই বিশেষ গামোচাখন শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও জিলাৰ অধিবেশনৰ অন্যতম আকৰ্ষণ হ’ব বুলি আদৰণি সমিতিয়ে মত প্ৰকাশ কৰিছে ।জাতিৰ জটিল সন্ধিক্ষণত এই গামোচাখনে সমন্বয়ৰ বাৰ্তা বহন কৰিছে।সহযোগ কৰিলে মৰিগাঁৱৰ পৰা ৰিতুমণি মহন্তই ।

Leave A Reply

Your email address will not be published.