ওদালগুৰিত SSBৰ সৈতে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় কৰ্মশালা

0 240

ভুটানৰ সৈতে ভাৰতৰ সীমা সুৰক্ষাৰ বাবে দায়িত্ব দিয়া সশস্ত্ৰ সীমা বলৰ জোৱান সকলে আজি বিশ্বৰ লগতে সমগ্ৰ দেশত ব্যাপ্ত হৈ থকা বন্যপ্ৰাণী অপৰাধ সমূহ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
আজি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিউৰ আৰু আৰণ্যকৰ দ্বাৰা অসমৰ ওদালগুৰি জিলাৰ লালপুলত SSB ৰ ২৩ তম বেটেলিয়েনৰ সৈতে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু বুদ্ধিমত্তা সংগ্ৰহ সম্পৰ্কীয় এখনি কৰ্মশালা সফলতাৰে অনুষ্ঠিত কৰা হয়।এই কাৰ্যসূচীটো অঞ্চলটোত বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ প্ৰয়োজনীয়তা বিষয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ SSB কৰ্মী সকলৰ মাজত সজাগতা স্তৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত কাৰ্যসূচীৰ চলি থকা শৃংখলাৰ এক অংশ আছিল।
গুৱাহাটীত অৱস্থিত এক শীৰ্ষ স্থানৰ জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু গৱেষণাকাৰী সংগঠন আৰণ্যক আৰু WCCB যে গ্ৰহণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে দেশৰ সীমাৰ সুৰক্ষাৰ দায়িত্ব দিয়া SSB কর্মীৰ সকলক সজাগ কৰা।আন্তৰ্জাতিক ভাৱে প্ৰতিষ্ঠিত গঁড় সংৰক্ষণ বিশেষজ্ঞ আৰু আৰণ্যক CEO ড° বিভৱ কুমাৰ তালুকদাৰে সমগ্ৰ বিশ্বৰ বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতিৰ ওপৰত বিতং ভাৱে সজোৱা তথ্য সমূহ প্ৰদান কৰি কৰ্মশালা খনৰ আৰম্ভণি কৰিছিল।ইয়াৰ উপৰিও তেওঁ SSB কৰ্মীসকলে কেনেকৈ ভাৰত আৰু অন্য ৰাষ্ট্ৰ সমূহৰ মাজত অবৈধ বন্যপ্ৰাণী সামগ্ৰীৰ আমদানি ৰপ্তানি হ্ৰাস কৰি বন্যপ্ৰাণী অপৰাধ প্ৰতিহত কৰাত সহায় কৰিব পাৰে সেই সম্পৰ্কেও বিশেষ ভাৱে আলোচনা কৰাৰ লগতে অন্যান্য অবৈধ কাৰ্যকলাপ প্ৰতিহত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে চৰম ভাবুকিৰ সৃষ্টি কৰে।
SSB ৰ সহকাৰী কমাণ্ডেণ্ট,ৰজত পাণ্ডেয়ে অংশগ্ৰহণ কাৰী সকলক আদৰণি জনাই আৰু কৰ্মশালাৰ উদেশ্য ব্যাখ্যা কৰি কাৰ্যসূচী সমূহ আৰম্ভ কৰে।WCCB ৰ সহকাৰী সঞ্চালক j Boro ৱে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু বন্যপ্ৰাণীৰ শৰীৰৰ অংগ ব্যৱসায় ৰোধ কৰাত SSB ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।তেওঁ intelligence gathering সঁজুলি সমূহ শক্তিশালী কৰা,পহৰা দিয়া বন্যপ্ৰাণী অপৰাধ আৰু এনে আন আন অপৰাধৰ মুকাবিলা কৰিবলৈ প্ৰচলিত প্ৰাসংগিক আইন ব্যৱস্থা ওপৰত কৰ্মচাৰী সকলৰ মাজত সজাগতা স্তৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।তেওঁ WCCB জড়িত থকা বিভিন্ন গোচৰৰ বিষয়েও আলোচনা কৰিছিল আৰু উদ্ধাৰ কৰা বিভিন্ন বন্যপ্ৰাণী অংগৰ বিৱৰণ দিছিল।
WCCB ৰ intelligence assistant হীতেন বৰাই intelligence gathering অপৰাধী সকলক আটক কৰাৰ পদক্ষেপ তথ্যদাতা আৰু তথ্য লগতে Decoy dealing সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।উক্ত কৰ্মশালাত বিভিন্ন বন্যপ্ৰাণী অংগ চিনাক্ত কৰাৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।
SSB ৰ ডেপুটি কমাণ্ডেণ্ট অনিল কুমাৰ পাল সকলো অংশগ্ৰহণ কাৰীক ধন্যবাদ জনাই কৰ্মশালা খনি সমাপ্তি কৰে।তেওঁ ড° বিভব কুমাৰ তালুকদাৰৰ সহযোগত প্ৰমাণপত্ৰ সমূহ বিতৰণ কৰে।কৰ্মশালাত অংশগ্ৰহণ কৰা ৪০ জন SSB বিষয়াই ইতিবাচক মতামত প্ৰদান কৰে আৰু ব্যৱহাৰিক জ্ঞানৰ প্ৰশিক্ষণৰ সৈতে এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে যথেষ্ট অনুৰোধ কৰে।

Leave A Reply

Your email address will not be published.