কংকনা বৰুৱাৰ চিকিৎসাৰ ব্যয় কৰিব স্বাস্থ্য মন্ত্ৰী আৰু বিধায়ক সুৰেন ফুকনে

0 224

দুমাহৰ পূৰ্বে দুৰ্ঘটনাবশত বিষাক্ত ৰাসায়নিক দ্ৰব্য খাই খাদ্যনলী সংকোচিত হোৱা টিয়কৰ বনাই ৰবি গাঁৱৰ তিনি বছৰীয়া কণমানি কংকনা বৰুৱাক অসম চিকিৎসা মহাবিদ্যালয়ে উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমচলৈ প্ৰেৰণ কৰিছে।
 
 
 
বৰ্ত্তমানে কোনো খাদ্য গ্ৰহণ কৰিব নোৱাৰা কণমানি জনীৰ ,আৰ্থিক দৈন্যতাৰ বাবে চিকিৎসা গ্ৰহণত অসুবিধা  হৈছিল ৷ এনে দুৰ্যোগৰ সময়তে  যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  সৈতে বাৰ্তালাপ কৰাৰ পাছতে তেখেতে পৰিয়ালটিক লগ কৰাৰ বাবে ইতিবাচক অনুমতি প্ৰদান কৰিছে ।
 
 
 
ইয়াৰ সমান্তৰালকৈ ইতিমধ্যে দুবাৰকৈ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ দুজন ৰোগীক উন্নত চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি ৰাইজৰ মৰম বুটলা তথা মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰা ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে কণমানি কংকনাক সকলো প্ৰকাৰে সহায় কৰিব বুলি মনোজ গগৈক টেলিফোনিক ভাৱে জনাইছে ৷ এই বাৰ্তাত পৰিয়ালটি কিছু সকাহ পোৱাৰ লগতে সন্মানীয় স্বাস্থ্য মন্ত্ৰী জনক কৃতজ্ঞতা জনোৱাৰ লগতে সুৰেন ফুকন দেৱকো কৃতজ্ঞতা জনাইছে ৷ লগতে তেওঁলোকে আশা কৰিছে দুয়োজন মহান ব্যক্তিৰ সক্ৰিয় সহায়ৰ জৰিয়তে কণমানি জনীৰ মুখত পুনৰ হাঁহি জিলিকিব।
খবৰ যুগুতালে টীয়কৰ পৰা  অমৃত দত্তই।

Leave A Reply

Your email address will not be published.