কছাৰীমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা উলহ মালহেৰে উদযাপন

0 293

ৰঙিয়াৰ মধুকুছিৰ কছাৰীমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে নৱাগত আদৰণি সভা উলহ মালহেৰে উদযাপন কৰা হয় । তদুপলক্ষে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা মুকলি সভাত সভাপতিত্ব কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড: বৈকুণ্ঠ ৰাজবংশীয়ে। সভাপতিৰ ভাষণত ৰাজৱংশীয়ে ছাত্ৰ-ছাত্ৰী সকলক কঠোৰ সাধনাৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাৰ বাবে আহ্বান জনায় । আনহাতে সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। ইয়াৰ পূৰ্বে বিধায়ক কলিতাক বাগৰুম্বা , বিহু নৃত্য প্ৰদৰ্শনৰে ছাত্র ছাত্ৰী সকলে উষ্ম আদৰণি জনায়।
ভাল ছাত্র ছাত্ৰীৰ লগতে সমাজৰ এজন ভাল মানুহ হবলৈ ভাষণ প্ৰসংগত আহ্বান জনাই কলিতাই ।লগতে বিদ্যালয় খনৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে ৫০ লাখ টকা অনুদান আগবঢ়াই কলিতাই । অধ্যক্ষ কৈলাশ ডেকাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে সভাৰ উদ্দেশ্য বাখ্যা বিষয় শিক্ষক শিবেশ্বৰ কলিতাই। সভাত ছাত্র-ছাত্ৰী সকলে পৰিৱেশন কৰা সংগীতানুষ্ঠানে সমবেত শ্ৰোতা-দৰ্শকক আপ্লুত কৰে ।

Leave A Reply

Your email address will not be published.