কণ্টেইনমেণ্ট জ’নৰ পৰা আতৰিল আঠগাঁৱৰ কৰৱ স্থান

0 286

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা আঠগাঁৱৰ কবৰস্থান মছজিদত কিছুদিন ধৰি অব্যাহত থকা কণ্টেইনমেণ্ট জ’ন আজি প্ৰত্যাহাৰ কৰিছে কামৰূপ জিলা প্ৰশাসনে।
 
ইতিপূৰ্বে মহামাৰী ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা প্ৰথমজন ৰোগীয়ে একেলগে চিকিৎসাধীন হৈ থকা আন ৰোগীৰ সৈতে চলিত বৰ্ষৰ বিগত১২ মাৰ্চৰ নিশা কটাইছিল আঠগাঁৱৰ মছজিদত। আনহাতে বিগত ১২মাৰ্চত মছজিদটোত এক ধৰ্মীয় অনুষ্ঠানৰ অনুষ্ঠিত হৈছিল। উল্লেখ্য যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ নিৰ্দেশ দিছিল।
 
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ ৩০মিনিটৰ পিছতেই অৰ্থাৎ ১০এপ্ৰিলৰ দিনাই গুৱাহাটী মহানগৰীৰ আঠগাঁওৰ কবৰস্থান মছজিদটোক ছীল কৰিছিল কামৰূপ জিলাৰ জিলা প্ৰশাসনে। উল্লেখ্য যে আঠগাওৰ কৱৰস্থান মছজিদটো  কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিত পেগু আৰু ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত ছীল কৰা হৈছিল ।
উল্লেখযোগ্য যে বিগত ১১ এপ্ৰিলত গুৱাহাটী মহানগৰীৰ আঠগাওৰ মছজিদটোক ৰাজ্যৰ প্ৰথমবাৰৰ বাবে হটস্পট জ’ন হিচাপে ঘোষণা কৰা হৈছিল। আনহাতে এইখিনিতে উল্লেখ্য যে মহানগৰীৰ এই আঠগাঁৱত মছজিদত হোৱা জামাতত ভাগ লৈছিল দেৰগাঁৱৰ এজন লোকে। এই কথা প্ৰশাসনৰ সন্মুখত দেৰগাঁৱৰ লোকজনে নিজমুখে ব্যক্ত কৰিছিল।

Leave A Reply

Your email address will not be published.