কথাৰে নহয়, কামেৰে কৃষি অৰ্থনীতিক সবল কৰাৰ অৰ্থে পথাৰত নামিল মৰাণ ছাত্ৰ সন্থাৰ নেতা

0 220

এয়া শাওনৰ বতৰ। শাওনৰ বতৰত চহা অসমীয়াই ব্যস্ত হৈ পৰিছে পথাৰত। গাঁ‌ৱৰ হালোৱা ৰোৱনী সকল ব্যস্ত পথাৰত ভুঁ‌ই ৰোৱাত।
 
 
ফটোত দেখা ছবিখন তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁ‌ৱৰ পথাৰৰ দৃশ্য। সমগ্ৰ অসমৰ লগতে এই গাঁ‌ওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া শাওনৰ পথাৰত। এই শাওনৰ পথাৰৰ হালোৱা ৰোৱনী সকলৰ সৈতে আজি দেখা গ’ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ লগতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া সকলক। পথাৰত গৰু হাল লৈ কৃষকসকলৰ সৈতে ব্যস্ত হৈ পৰিছে যুৱ নেতা অৰুণজ্যোতি মৰাণ। ৰোৱনী সকলৰ সৈতে ভুঁ‌ই ৰোৱাত ব্যস্ত হৈ পৰিছে অৰুণজ্যোতি।
 
 
পথাৰ আৰু বজাৰ নিয়ন্ত্ৰণ কৰি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে কৃষি অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আহ্বান জনাই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে পথাৰত নামি অতীত ৰোমন্থন কৰি আনন্দ উপভোগ কৰে।

Leave A Reply

Your email address will not be published.