এখন বিশেষ বিদ্যালয় ।বিদ্যালয়খনে পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।মহানগৰীৰ পামহীত অৱস্থিত এই বিদ্যালয়খনৰ নাম অক্ষৰ ফ’ৰাম।জানি সুখী হ’ব যে এই বিদ্যালয়খনে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্লাষ্টিকৰে প্ৰাকৃতিক ইটা প্ৰস্তুত কৰিছে।জানিব পৰা মতে এক ব্যতিক্ৰম ধৰণে বিদ্যালয়খন পৰিচালনা হয়।নাৰ্চাৰী পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়ে।স্কুল কৰ্তৃপক্ষই সময় আৰু দক্ষতা অনুসৰি শিক্ষাদানৰ বাবদত দৈনিক ৫ৰ পৰা ১২টকাকৈ প্ৰদান কৰে আৰু সেই টকাই বিদ্যালয়ৰ চৌহদৰ পৰা লাগতিয়াল সামগ্ৰী ক্ৰয় কৰে।উল্লেখযোগ্য যে অক্ষৰ ফ’ৰাম নামৰ এই বিদ্যালয়খনত ১১০জন ছাত্ৰ ছাত্ৰী লগতে ৬জন শিক্ষক শিক্ষয়ত্ৰী আছে।আনুষ্ঠানিক শিক্ষাতকৈ ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰী শিশু শ্ৰমিক হিচাপে এসময়ত কৰ্মৰত আছিল।অক্ষৰ ফ’ৰামক বিদ্যালয় হিচাপে গঢ়ি তোলা মূলতে মহানগৰীৰ বেলতলাৰ পাৰমিতা শৰ্মা আৰু তেখেতৰ স্বামী মাজিন মুক্তাৰ ।জানিব পৰা মতে তেওঁলোকে এনেধৰণৰ প্ৰচেষ্টা দিল্লীৰ এখন চৰকাৰী বিদ্যালয়তো গ্ৰহণ কৰি আহিছে ।এখন বেচৰকাৰী বিদ্যালয়ে পৰিবেশ সুৰক্ষাৰ প্ৰতি গ্ৰহণ কৰা প্ৰচেষ্টা নিসন্দেহে সকলোৱে আদৰণীয় হৈ পৰিছে ।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন