ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্ব বিজয়ী নৱ জোৱান ‘ গীতৰ লগতে তেখেতৰ মহান আদৰ্শেৰে অসমীয়া যুৱকযুৱতী স্বাৱলম্বী হ’ব লাগিব, তেতিয়াহে প্ৰকৃতাৰ্থত জাতীয়তা অব্যাহত থাকিব । আমি পৰিশ্ৰমৰ মাধ্যমেদি জিলিকাব লাগিব সমগ্ৰ লুইতৰ পাৰ । ভাৰতৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ভাৰত শক্তিশালী হ’ব । আজি ভাৰতৰ বাজেটত গ্ৰাম্য অৰ্থনীতিৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ১৪ লাখ কোটি টকা আৱণ্টন দিছে । জীৱনত মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ হ’লে আমি স্বাৱলম্বী হ’ব লাগিব । বৃটিছৰ সময়ত ভাৰতৰ উন্নয়নত আগবঢ়া ৰাজ্যৰ ক্ষেত্ৰত অসমো অগ্ৰণী আছিল কিন্তু স্বাধীনতাৰ পিছৰেপৰা কংগ্ৰেছৰ অপশাসন,লুণ্ঠনৰ বাবে অসমৰ দুৰৱস্থাৰ সৃষ্টি হৈছিল । অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে উন্নয়ন কৰিবলৈ সক্ষম হ’ব যদিহে থাকে ইচ্ছাশক্তি ।আমাৰ থলুৱা উৎপাদিত সামগ্ৰীয়ে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে দক্ষিণ পূব এছিয়াৰ ৮০ কোটি মানুহে বসবাস কৰা সমগ্ৰ বজাৰসমূহ দখল কৰিবলৈ সক্ষম হ’ব লাগিব । কিন্তু কিছুমান সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত আমি অধিক স্বাৱলম্বী হোৱাতো সময়ৰ আহ্বান । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে গ্ৰাম্য অৰ্থনীতিক অধিক সৱল কৰিবৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । অনুৰূপ ধৰণে অসমতো মুখ্যমন্ত্ৰীৰ সমগ্ৰ বিকাশ আঁচনিৰ জৰিয়তে অসমৰ সামগ্ৰিক বিকাশ সাধন কৰাৰ লগতে স্বাৱলম্বিতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা কৰি অহা হৈছে । আজি এক্ট ইষ্ট পলিছিৰ যোগেদি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি , অঞ্চলৰ বিকাশৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে । নৰ্থ ইষ্ট মানে নিউ ইঞ্জিন ফৰ ডেভেলপমেন্ট । চতিয়া সমষ্টিৰ অৰ্থনৈতিক জাগৰণৰ পদক্ষেপক আদৰণী জনাইছে । এই গুৰুত্বপূৰ্ণ ভাষ্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । আজি শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ ঐতিহ্যণ্ডিত সীমান্ত মিলন সংঘত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পৃষ্ঠপোষকতাত দিনৰ ১০:৩০ বজাৰপৰা অনুষ্ঠিত অসম চৰকাৰৰ ব্যক্তিগত সমষ্টিৰ গাঁও পঞ্চায়তৰ প্ৰতিটো দহজনীয়া গোটক পশুপালন, মৎস্যপালন , দুগ্ধ উৎপাদনকে ধৰি বিভিন্ন কৃষি-কাৰ্য বৈজ্ঞানিক ব্যৱস্থাপনাৰে সম্পাদন কৰিবলৈ সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাৰ প্ৰতিটো গোটক দহ লাখকৈ ( গোটৰ সদস্যক গাইপতি এক লাখ টকাকৈ ) প্ৰদান কৰা হৈছে । সমান্তৰালভাৱে আজি সীমান্ত মিলন সংঘৰ সমীপৰে চাৰিদু্ৱাৰত পদ্ম হাজৰিকাৰ পৃষ্ঠপোষকাত অনুষ্ঠিত আন এক সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কন্যকা গামোছা আৰু জাতীয় সাজপাৰ উদ্যোগ এক মাংগলিক অনুষ্ঠানৰ যোগেদি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ উপস্থিতিত আনুষ্ঠানিক শুভ উদ্বোধন কৰে । শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “অসমীয়া শিপিনীয়ে নিজ হাতে বোৱা বস্ত্ৰত সপোন ৰচিব পাৰে ” বুলি কোৱা কথাষাৰ উল্লেখ কৰি কয় যে অসমীয়া শিপিনীয়ে আজি মাদ্ৰাছৰপৰা আমদানীকৃত গামোছাক নিজৰ দক্ষতা, যোগ্যতা আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজে থলুৱা গামোছা উৎপাদন কৰি প্ৰত্যাহ্বানক নেওচা দিবলৈ আহ্বান জনায় । উল্লেখ্যে যে, আজি উন্মোচিত উদ্যোগটোত ১০০ তাঁতশালত স্থানীয় যুৱতী-মহিলাসকলে অসমীয়া গামোছাৰ লগতে জাতীয় সাজপাৰ তৈয়াৰ কৰা কাৰ্য নিয়োজিত হোৱা দেখা যায়। উদ্যোগটোত প্ৰথম পৰ্যায়ত ১০০ খন তাঁতশালৰ যোগেদি উৎপাদন কাৰ্য আৰম্ভ কৰা হৈছে ।
Trending
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে