ক’ভিডক পৰাভূত কৰি পুনৰ ৰাজপথত কৰ্তব্যত ব্যস্ত যান বাহন-আৰক্ষী বিষয়া মস্কো শইকীয়া

0 193

বিকাশ শৰ্মা। ক’ভিডক ভয় নকৰিব। ক’ভিডক আমি হেৰুৱাই পুনৰ উভতি আহিব লাগিব আগৰ দিনলৈ,এই মন্তব্য ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা যান বাহন আৰক্ষী বিষয়া মস্কো শইকীয়াৰ।
 
 
 
শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছতে এই জন যানবাহন আৰক্ষী বিষয়া ব্যস্ত হৈ পৰিছে নিজৰ কৰ্তব্য পালনত।ক’ভিড যুদ্ধৰ এজন আগশাৰীৰ সেনানি এইগৰাকী বিষয়াই যোৱা ২১ জুনত ক’ভিড টেষ্ট ।ইয়াৰ পিছতে আৰক্ষী বিষয়াজনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰাৰ পিছতে ভৰ্তি হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত।
 
 
ইয়াৰ পিছতে ক’ভিডক পৰাজিত কৰি ৩০ জুনত এম এম চি এইচৰ পৰা ডিচাৰ্জ হৈছিল মস্কো শইকীয়াই ।হোম কোৱাৰেন্টাইনত ১৪ দিন থকাৰ পিছত সম্পূৰ্ণ সুস্থ হৈ পুনৰ ফাঁচি বজাৰত যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিছে এইগৰাকী বিষয়া।
 
 
একেদৰে ডিচাৰ্জ হোৱা মনীষ তিৱাৰীও সুস্থ হৈ পালন কৰিছে নিজৰ কৰ্তব্য।এয়া মাত্ৰ এটা দৃষ্টান্তহে,এনেদৰে ক’ভিডক পৰাজিত কৰি পুনৰ  নিজৰ কৰ্তব্য স্থলীলৈ উভতি আহিছে বহু চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী।

Leave A Reply

Your email address will not be published.