ক’ভিড১৯ৰ বাবে সৃষ্টি হ’ব পাৰে স্বাস্থ্য বীমা

0 300

দিনে দিনে ক’ভিড১৯ৰ ন ন লক্ষণে দেখা দিছে। এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পোৱা তথ্য অনুসৰি ক’ভিডে ১৪টা লক্ষণ সলালে। উদাহৰণস্বৰূপে ক’ভিড১৯  প্ৰাৰম্ভিক অৱস্থাত ঠাণ্ডা সময়ত সংক্ৰমণ হয় বুলি বিজ্ঞানী মহলে ব্যক্ত কৰিছিল যদিও ভাৰতত গৰমৰ দিনতেহে ক’ভিড ১৯ লক্ষণ ভয়াবহ হোৱা পৰিলক্ষিত হয়।
 
 
যদি ক’ভিড১৯ জৈৱিক অস্ত্ৰ হয় তেনেহ’লে উপযুক্ত ভেকচিন ওলোৱাটো সম্ভৱ নহ’ব। ইতিমধ্যে ইউৰোপত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে। নীতি নিয়মৰ মাজেৰে দৈনিক জীৱন যাত্ৰা আৰম্ভ কৰিছে।কমদিনৰ ভিতৰতে ভাৰততো এই ব্যৱস্থা কৰিবলৈ চৰকাৰ বাধ্য হ’ব।
 
 
 
কিয়নো নিৰাময়ৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ ওলোৱা নাই। ইফালে  ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। নাৰ্ছিং হোম, আই চি ইউ আদিত ৰোগী থাকিবলৈ ঠাই নোহোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত দেখা যায় বীমা কোম্পানীসমূহ লাভত থাকিব। চৰকাৰেও কিছু ৰেহাই দিব। স্মৰ্তব্য যে বীমা কোম্পানীয়ে জনসাধাৰণক স্বাস্থ্যৰ সুৰক্ষা দিয়াৰ উপৰিও লাভজনক ব্যৱসায় কৰে। সেয়ে হয়তো মহামাৰী ৰূপত ধৰা দিয়া ক’ভিড১৯ৰ বাবে এটা সময়ত হয়তো মানুহে স্বাস্থ্য বীমা কৰিব।
 
লেখক যোৰহাটৰ প্ৰথম কুমাৰ বৰুৱা..

Leave A Reply

Your email address will not be published.