ক’ভিডৰ প্ৰত্যাহ্বান আৰু ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কত সাংসদ দিলীপ শইকীয়াৰ সাংবাদিকৰে মত বিনিময়

0 219

মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ক’ভিড ১৯ ৰ অভূতপূৰ্ব প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ উন্নত আৰু আগশাৰীৰৰ দেশ সমূহৰ দৰে সফল ব্যৱস্থাপনাৰে ভাৰতবৰ্ষই মুখামুখি হ’বলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে।দেওবাৰে বিয়লি মঙলদৈত সাংসদ গৰাকীয়ে ক`ভিড মহামাৰীৰ প্ৰত্যাহ্বান আৰু ইয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত সাংবাদিকৰ সৈতে মত বিনিময় কৰি সাংসদ গৰাকীয়ে ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ৰ পৰাই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত স্বাস্থ্য খণ্ডৰ আধুনিক আন্তঃগাঁঠনি সৃষ্টিৰ পৰা আৰম্ভ কৰি দেশতে নিৰ্মিত কভিড প্ৰতিষেধকৰ প্ৰায় চল্লিছ কোটি পালি ইতিমধ্যে বিনামূলীয়াকৈ প্ৰদান কৰাৰ সফল ক’ভিড ব্যৱস্থাপনাৰ কথা উল্লেখ কৰে।
ক’ভিডৰ ব্যৱস্থাপনা দেশৰ লগতে অসমতো সফল কৰি তোলাৰ ক্ষেত্ৰত আগশাৰীৰৰ ক’ভিড যোদ্ধা সকলৰ লগতে সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলে চৰকাৰলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সাংবাদিক সকললৈ ধন্যবাদ জনোৱাৰ কথা সাংসদ গৰাকীয়ে প্ৰকাশ কৰে।মত বিনিময় অনুষ্ঠানত মঙলদৈ মিডিয়া চাৰ্কোলৰ সম্পাদক জেষ্ঠ সাংবাদিক ময়ূখ গোস্বামী আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন বৰুৱাই উপস্থিত সাংবাদিক সকলৰ হৈ মতামত আগবঢ়ায় অনুষ্ঠানত বিজেপিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, মঙলদৈ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, জেষ্ঠ বিজেপি নেতা প্ৰতাপ বৰদলৈ আদি উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.