ক’ভিড সৃষ্ট পৰিবেশে সৃষ্টি কৰা শৈক্ষিক স্থবিৰতাৰ বিপৰীতে ঘিলামৰাৰ শিক্ষকৰ অনুকৰণীয় প্ৰয়াস

0 227

ক’ভিড সৃষ্ট পৰিবেশ পৰিস্থিতিয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ পদ্ধতিৰ বিলুপ্তি ঘটোৱাৰ সময়তে শিক্ষাৰ্থী সকলৰ বিদ্যায়তনিক ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ঘিলামৰাৰ এগৰাকী শিক্ষকে। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ খণ্ড মিছন সমন্বয়কৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বিলমুখ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দুলাল দিহিঙীয়াই মণ্ডল সমল কেন্দ্ৰটোৰ অন্তৰ্গত নিম্ন বুনিয়াদী শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক শ্ৰেণী পৰ্যন্ত সকলো শিক্ষাৰ্থীক নিয়মীয়া শিক্ষাদান প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি অব্যাহত ৰাখি আহিছে।
পেছাত মধ্য চামপৰা জয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিহিঙীয়াই 23 digilep 103 নম্বৰৰ এটা হোৱাটছ এপ গ্ৰুপ খুলি সমল কেন্দ্ৰটোৰ শিক্ষাৰ্থী সকলক সংযুক্ত কৰি অব্যাহত ৰাখিছে সকলো বিষয়ৰ নিয়মীয়া পাঠদান।
লকডাউন আৰু গ্ৰীষ্ম বন্ধ কেন্দ্ৰিক অচলাৱস্থাই যাতে শিক্ষাৰ্থী সকলক বিদ্যায়তনিক ক্ষেত্ৰত বাধাগ্ৰস্ততা আনি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন প্ৰাথমিকৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ , উচ্চ প্ৰাথমিকৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ প্ৰাথমিকৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিষয়ৰ নিয়মীয়া পাঠদান প্ৰদান প্ৰক্ৰিয়া চলাই আহিছে । মণ্ডল সমল কেন্দ্ৰটোৰ অধীনৰ সকলো এন্দ্ৰইড মোবাইল পৰিচালনাত সিদ্ধহস্ত শিক্ষকক জড়িত কৰি প্ৰতিদিনে সন্ধ্যা ৬-৩০ বজাৰ পৰা অনলাইন যোগে সকলো বিষয়ৰ নিয়মীয়া পাঠদান শিক্ষাৰ্থী সকলক প্ৰদান কৰি আহিছে দীৰ্ঘদিন ধৰি। তাৰোপৰি এন্দ্ইড মোবাইল নথকা শিক্ষাৰ্থী সকলো যাতে নিয়মীয়া পাঠ গ্ৰহণৰ পৰা বিৰত থাকিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি দিহিঙীয়াই যিসকল এন্দ্ইড মোবাইল পৰিচালনাত অপার্গত শিক্ষকৰ জৰিয়তে ঘৰে ঘৰে গৈ এসপ্তাহৰ বাবে সকলো বিষয়ৰ গৃহ কার্য যোগান ধৰি আহি সপ্তাহৰ মূৰত সেইবোৰ সংগ্ৰহ কৰি মূল্যায়ন কৰাৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। মণ্ডলটোৰ প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে যাতে নিয়মীয়া শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নোহোৱাকৈ থাকে তাৰ প্ৰতি সদা সচেষ্ট হৈ দিহিঙীয়াই মণ্ডলটোৰ অৰ্ধ শতাধিক শিক্ষাগুৰুৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি ৫ শতাধিক শিক্ষাৰ্থীক গুণগত শিক্ষাৰ পোহৰ বিলাই আহিছে। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক দিহিঙীয়াৰ এই প্ৰয়াস অন্যান্য শিক্ষাগুৰু সকলৰ বাবেও অনুকৰণীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.