ক’ভিড-১৯ঃ মেঘালয়ৰ পূৱ খাচী পাহাৰত নিষেধাজ্ঞা

0 272

মেঘালয়ত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী কনৰাড চাংমা নেতৃত্বাধীন এনপিপি চৰকাৰে পূৱ খাচী পাহাৰত কিছুমান নিষেধাজ্ঞা জাৰি কৰে। বৰ্ধিত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা বোৰ হ`ল ক্ৰমে:
২৩এপ্ৰিলৰ পৰা প্ৰৱেশকাৰী সকলৰ প্ৰৱেশ পইণ্টত আৰ টি-পি চি আৰ পৰীক্ষা কৰাটো বাধ্যতামূলক। জিলাখনৰ পৰ্যটনস্থলী ৩০ এপ্ৰিল পৰ্য্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।শ্বিলঙৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষা কেন্দ্ৰৰ বাহিৰে, আন সকলোবোৰ শিক্ষানুষ্ঠান ৩ মে’ লৈ বন্ধ থাকিব। অপ্ৰয়োজনীয় বিপনীসমূহ ২৬ তাৰিখৰ পৰা ২ মে’ ২০২১ লৈ বন্ধ ৰখাৰ নিৰ্দেশ । জিম, চুইমিং পুল, গেমিং পাৰ্লাৰ, চিনেমা, ক্লাব, চেল’ন, বাৰসমূহ ২৩ তাৰিখৰ পৰা ৩০ এপ্ৰিললৈ বন্ধ ৰখাৰ নিৰ্দেশ। চৰকাৰী কাৰ্যালয়সমূহত ৩৩ শতাংশ কৰ্মচাৰীৰে কাম কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
শেষত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই টুইটাৰযোগে কয় যে আমি কৰ’নাৰ দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা কৰি আছো। সাধাৰণ ৰাইজে অনুগ্ৰহ কৰি অপ্ৰয়োজনীয় ভ্ৰমণ নকৰিব। মেঘালয় চৰকাৰে ইতিমধ্যে ৪৫ বছৰৰ উৰ্দ্ধৰ বয়সৰ নাগৰিকসকলক ভেকচিন দিয়া অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.