ক’ভিড ১৯ৰ সমান্তৰালভাৱে চৰ্চিত হৈছে কৃষ্ণগুৰুৰ বাণী

0 285

ক’ভিড১৯য়ে ত্ৰাসৰ সৃষ্টি কৰিব বুলি কৃষ্ণগুৰু প্ৰভুৱে ভৱিষ্যতবাণী কৰিছিল। এই ভৱিষ্যতবাণী কল্কিৰ মাহাত্ম্য শীৰ্ষ গ্ৰন্থত ১৯৮১চনত্ প্ৰকাশ পাইছিল। এই মন্তব্য কৃষ্ণগুৰু মহাপ্ৰভুৰ বোৱাৰী কুন্তলা গোস্বামীৰ।
 
 
 
 
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ভিড১৯য়ে বিভিষিকা সৃষ্টি কৰিছে। চিকিৎসক আৰু বৈজ্ঞানিকসকলে ঔষধ আৱিষ্কাৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে যদিও ফলৱৰ্তী হোৱা নাই। আনহাতে ১৯৭৪চনতে কৃষ্ণগুৰুৱে ভৱিষ্যতবাণী কৰিছিল যে সমগ্ৰ বিশ্বতে অচিন ৰোগৰ সৃষ্টি হ’ব। ৰোগৰ ঔষধ বিচাৰি সকলোৱে হাহাকাৰ কৰিব। চিকিৎসক আৰু বৈজ্ঞানিকসকলে এই ৰোগৰ ঔষধ আৱিষ্কাৰ কৰি উলিওৱালৈকে আন এক অচিন ৰোগে দেখা দিব।
 
উল্লেখযোগ্য যে প্ৰথম অৱস্থাত তেখেতে কৰা ভৱিষ্যতবাণী বোৰ ছপা ৰূপ দিয়া নাছিল যদিও ভক্ত সকলৰ অনুৰোধত ১৯৮১চনত এই ভৱিষ্যতবাণী সমূহ কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াই। সেয়েহে ক’ৰণা ভাইৰাছৰ সময়ছোৱাত কৃষ্ণগুৰু প্ৰভুৰ ভৱিষ্যতবাণী সমূহ ভক্ত সকলৰ মাজত চৰ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.