কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান আৰু বিহু নাচ,অৰুণাচলী লোকনৃত্যৰ কৰ্মশালা আয়োজন

0 218

বিগত ৮ টা বৰ্ষৰ দৰে এই বছৰো নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বৰলুইত কলা কৃষ্টি বিকাশ কেন্দ্ৰ.জি. এল.পাব্লিকেচন,ব্যতিক্ৰম ম্যাচডোৰ সহযোগত অহা ইংৰাজী ১৪ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ এখন বিহু নাচ আৰু অৰুণাচল প্ৰদেশৰ লোকনৃত্য কৰ্মশালা আয়োজন কৰা হৈছে।
বিশিষ্ট শিল্পী জীনা ৰাজকুমাৰীৰ তত্বাৱধানত অনুষ্ঠিত হ’ব লগা কৰ্মশালা খনৰ প্ৰশিক্ষক হিচাপে থাকিব বিহু সাম্ৰাগী গায়ত্ৰী কোঁৱৰ,বিহুৱা দেৱজিৎ ৰাজবংশী অৰুণাচল প্ৰদেশৰ লোকশিল্পী ঐনি গাঁও,জন পালেং,অতি পালেং।নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বামুণীমৈদামৰ খেলপথাৰত বিয়লি ৩.৩০ বজাৰ পৰা কৰ্মশালা খনি অনুষ্ঠিত হ’ব।যিকোনো বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পৰা কৰ্মশালাখনৰ অন্তত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি সংবাদ মেল সম্বোধন কৰি জীনা ৰাজকুমাৰীয়ে উল্লেখ কৰে।
২০ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব লগা সামৰণি অনুষ্ঠানত মৰুণোত্তৰ ভাৱে বিশিষ্ট কণ্ঠশিল্পী পঙ্কজ বৰদলৈ লৈ আগবঢ়োৱা হ’ব কলিয়াবৰীয়া মুক্তি যুঁজাৰু কমল চন্দ্ৰ মহন্ত সোঁৱৰণী জীৱন যোৰা সাধনা বঁটা।বঁটা লগত থাকিব নগত ২৫,০০০/- টকা মানপত্ৰ শৰাই,জাপি,অংগবস্ত্ৰ আদি।নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেল খনিত উপস্থিত থাকে সম্পাদক ইমদাদূৰ হুছেইন, সভাপতি শান্তি সিং,অজয় তালুকদাৰ, প্ৰদীপ কলিতা,চানু শৰ্মা,গিৰিন তালুকদাৰ, মণ্টুমণি শইকীয়া।

Leave A Reply

Your email address will not be published.