কলম কেমেৰা এৰি শ্ৰম দানেৰে সাংবাদিকৰ প্ৰেছ দিৱস পালন   

0 291

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । ৰাষ্ট্ৰ জুৰি ৰজা ঘৰে প্ৰজা ঘৰে উদযাপিত হৈ আহিছে এই প্ৰেছ দিৱস। ঢকুৱাখনা মহকুমাৰ সংবাদসেৱী সকলেও মঙ্গলবাৰে  দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ দিৱসটো উদযাপন কৰে  এক ব্যতিক্ৰমী আৰু অনুকৰনীয় কাৰ্যসূচীৰে। কেৱল বক্তৃতা কিম্বা চাৰি বেৰৰ মাজত আবদ্ধ হৈ সভা সমিতিৰ জৰিয়তে ৰাষ্ট্ৰীয় দিৱসটো পালন নকৰি  এদিনৰ বাবে হাতৰ কলম , কেমেৰা এৰি, দা-কুঠাৰ , কৰত লৈ জনদায়বদ্ধ কৰ্মেৰে দিৱসটো পালন কৰে।
নৱগঠিত বৃহত্তৰ ঢকুৱাখনা ইলেকট্ৰনিক আৰু ডিজিটেল  মেডিয়া ফ`ৰামৰ উদ্যোগত এই পবিত্ৰ দিনটোত ঢকুৱাখনা- ঘিলামৰা সংযোগী অতি চমু গ্ৰাম্য পথৰ আমগুৰি ঘাটৰ প্ৰায় ২০০মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলংখন সমীপৱৰ্তী গঞা ৰাইজৰ সহযোগত মেৰামতি আৰু পুনৰ নিৰ্মানেৰে যাতায়তৰ উপযোগী কৰি তোলে। পুৱাই নৱগঠিত  ইলেকট্ৰনিক আৰু ডিজিটেল  মেডিয়া ফ`ৰামৰ সমূহ সংবাদসেৱী আহি উপস্থিত হয় ঢকুৱাখনা আৰু  ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মধ্য স্থলত অৱস্থিত কঢ়া নদীৰ  আমগুৰি ঘাটৰ বিদ্ধস্ত বাঁহৰ দলঙত।  কৃষি প্ৰধান আখৈফুটীয়া আৰু সমীপৱৰ্তী বিভিন্ন গ্রামাঞ্চলৰ বহু সংখ্যক ভুক্তভোগী ৰাইজেও স্বতঃস্ফূৰ্ত ভাবে বাৰীৰ বাঁহ যোগান ধৰি সংবাদসেৱী সকলক সহযোগিতা আগবঢ়াই শ্ৰমদানেৰে দলংখন মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ উপস্থিত হয় আমগুৰি ঘাটত।
কেৱল পেছাগত দায়িত্বৰ মাজতে সীমাবদ্ধ নাথাকি জন দায়বদ্ধশীল সাংবাদিকতাৰ নিদর্শন দেখুৱাই শ্ৰম দান কৰি এই দলং নিৰ্মাণত ব্ৰতী  হোৱা  ফ`ৰাম আৰু ভুক্তভোগী ৰাইজে  এখন  সভা অনুষ্ঠিত কৰি তৎকালে এই জলন্ত ৰাজহুৱা সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী , গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ,অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণ , উপায়ুক্ত শোণিত সতৱান  আদিলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।  শ্ৰম দানৰ পূৰ্বে ফৰামৰ উদ্যোগত আমগুৰি ঘাটত প্ৰেছ দিৱস উপলক্ষত এখন চমু সভা অনুষ্ঠিত কৰি  দিৱসৰ তাৎপৰ্য সম্পৰ্কত চমু অবলোকন কৰে ফ`ৰামৰ মুখ্য উপদেষ্টা অমৃত পৱন বৰা , সভাপতি অতুল বৰুৱা , সম্পাদক অৰুণ চমুৱাই। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.