“কলা গৌৰৱ” সন্মান কবি, সাংবাদিক দীপক শৰ্মালৈ – বিভিন্ন অনুষ্ঠানৰ অভিনন্দন

0 236

নেশ্বনেল পাৰফৰমিং আৰ্টচ্ এচচিয়েছন অৱ ইণ্ডিয়াই অসমৰ নতুন প্রজন্মৰ এজন উল্লেখনীয় কবি, সাংবাদিক, সংগঠক, সমালোচক দীপক শৰ্মাক কলা গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে। এচচিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি গীৰিৰাজ জামিনি, সাধাৰণ সম্পাদিকা নাট্যচাৰ্য পখিলা কলিতা, তক্ষশিলা, অসমৰ সভাপতি কনকসেন ডেকা স্বাক্ষৰিত এখন এখন অভিনন্দন পত্রত সাংবাদিক, সংগঠক দীপক শৰ্মাৰ বহুমুখী অৱদানক স্মৰণ কৰিছে। সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক, মাহেকীয়া কাব্য কাঁচলিৰ সম্পাদক, প্ৰকাশক, অসমৰ সমন্বয়-সংহতিৰ পথিকৃৎ অনুষ্ঠান “বহুবাক”(বহুভাষিক সাহিত্য মঞ্চ) ৰ প্ৰধান সম্পাদক, অসম শিশু সাহিত্য সমাজৰ প্ৰধান সম্পাদক, পৰাগজ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ দীপক শৰ্মাৰ সন্মান লাভ কৰাত এজন যোগ্য ব্যক্তিৰ হাতত এই সন্মান পৰিছে বুলি একেমুখে কৈছে। দক্ষিণ কামৰূপৰ ৰামপুৰৰ উমাকান্ত শৰ্মা আৰু লাবণ্য দেৱীৰ ৩য় তথা কনিষ্ঠ পুত্র দীপক শৰ্মাই তিনি কুৰিৰো অধিক গ্ৰন্থ, স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।

Leave A Reply

Your email address will not be published.