কাঁহিকুছিত ই মাৰ্কেটিঙৰ প্ৰশিক্ষণ অনুষ্ঠিত

0 278

অসম চৰকাৰ বাণিজ্য বিভাগৰ পৃষ্ঠপোষকতাত আৰু ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণন প্ৰশিক্ষণ কেন্দ্ৰৰ কাঁহিকুছি সৌজ্যনত ১৭ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ নিবনুৱা যুৱক যুৱতী আৰু মহিলা উদ্যমীসকলৰ বাবে ই মাৰ্কেটিং বিষয়ত এক প্ৰশিক্ষণ কাৰ্য্যসুচী অনুষ্ঠিত হয়৷
প্ৰশিক্ষণ কাৰ্য্যসুচী উদ্বোধন কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক মঞ্জুৰাণী গগৈয়ে কয় যে বৰ্তমান সময়ৰ লগত প্ৰতিযোগিতাত নামিব পৰাকৈ উন্নত প্ৰযুক্তি ব্যৱহাৰৰ যোগেদি নিজৰ উৎপাদিত সামগ্ৰীৰ বিপনন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে উদ্যমীসকলক আহ্বান জনায় ৷ ইয়াৰ পূৰ্বে সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ কাঁহিকুছিৰ অধক্ষ্য লালৰেহেচিয়ালী গামলাইয়ে প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনায় ৷
জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধকদ্বয়ে ক্ৰমে মোহাক্ষী দত্ত হাজৰিকা আৰু বিৰাজ দাস , কুলেন্দ্ৰ মোহন দাসে বৈদ্যুতিক বিপনন ব্যৱস্থা আৰু উদ্যোগ বিভাগৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে বাখ্যা কৰে ৷ ইয়াৰ লগতে এনে আঁচনিসমূহৰ সুযোগ লাভ কৰি সফল ৰূপায়ণ সহযোগিতা কামনা কৰে ৷প্ৰশিক্ষণ সমূহত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান ফেকাল্টি সদস্য অনুপম দত্ত ,স্বপন কুমাৰ কলিতা, ড° ৰিদিপ বড়া আদিয়ে নিদিষ্ট বিষয়ত বাখ্যা আগবঢ়ায় ৷ প্ৰশিক্ষণ কাৰ্য্যসুচী কাঁহিকুছি সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত হেমেন বৈশ্য আৰু মনজিৎ পাঠকৰ লগতে বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে ৷
উল্লেখ যোগ্য  যে ইয়াৰ লগত সংগতি ৰাখি ১৪ ফেব্ৰুৱাৰী পৰা তিনিদিনীয়াকৈ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা পঞ্চায়ত সমল কেন্দ্ৰ বালিজানতো ই- মাৰ্কেটিং বিষয়ত প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ প্ৰশিক্ষণত সৰ্বমুঠ ২২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.