কাঁহিকুছিৰ এছ আই পি আৰ ডিত উদ্যমী মহিলাৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰম্ভ

0 256

ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে শেহতীয়াকৈ কেতবোৰ স্ব – নিৰ্ভৰমূলক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি )অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ১০ ৰ পৰা ২৫ দিনীয়াকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , দৰং , ওদালগুৰি , দৰং , চৰাইদেউ , শিৱসাগৰ , বৰপেটা আৰু বাগছা জিলাৰ ১২০ জনী মহিলা – যুৱতীয়ে ভাগ লৈছে । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । আনহাতে ২১ ছেপ্টেম্বৰত প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্ধোধনী অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্যদ্বয় ডঃ ৰিদীপ বৰা আৰু মনোৰঞ্জন চৌধুৰীয়ে ভাগ লৈ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থকা মহিলা সকলে যাতে প্ৰশিক্ষণত গ্ৰহণ কৰা অভিজ্ঞতা – দক্ষতাৰ সদব্যৱহাৰ কৰি আত্মনির্ভৰশীল হব পাৰে তাৰ কামনা কৰে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ তদাৰকৰ দায়িত্বত থকা ই টি চিৰ গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠকে জানিবলৈ দিয়া মতে দহদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীটোৰ আজি সফল সামৰণি পৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.