কাইলৈৰ পৰা নিয়মিতভাবে কাৰ্যালয়লৈ চৰকাৰী কৰ্মচাৰী যাব লাগিব

0 232

ক’ভিড ভেকচিনৰ দ্বিতীয় ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে কাইলৈৰ পৰা নিয়মিত ভাবে কাৰ্যালয়লৈ যাব লাগিব। আজি এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনা মতে চৰকাৰী কাৰ্যালয়সমূহৰ কাম কাজ সুচাৰুকৈ পৰিচালনা কৰাৰ বাবে ক’ভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।উল্লেখ্য যে ক্রমাৎ উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷

Leave A Reply

Your email address will not be published.