কাছাৰত নতুন আৰক্ষী অধীক্ষক আই পি এছ বৈভৱৰ সাহসী পদক্ষেপ

0 242

দায়িত্ব গ্ৰহণৰ পাছতে নিজৰ কৰ্ম দক্ষতাৰে ১৩ খন অৱৈধ চুন-শিল ভৰ্ত্তি ট্ৰাক জব্দ কৰিলে কাছাৰ নতুন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বালকৰে।বিগত কেইবাবছৰো ধৰি কয়লা, সাৰ, চুপাৰিৰ ৰমৰমীয়া বেপাৰেৰে কাছাৰত চলি আছিল চূন-শিলৰ ছিন্ডিকেটৰাজ ৷ যাৰ বাবে প্ৰতিদিনেই শতাধিক চূন-শিল ভৰ্তি ট্ৰাকে অবৈধ ভাৱে মেঘালয়ৰ পৰা কাছাৰৰ দিগৰখাল হৈ বৰাক উপত্যকাত প্ৰৱেশ কৰি আহিছে ৷ তদুপৰি প্ৰতিখন ট্ৰাকত থাকে অতিৰিক্ত বোজা ৷ মেঘালয়ৰ পৰা অহা চূন-শিল নিয়া ট্ৰাকৰ কেইবাবছৰো ধৰি কাছাৰত গঢ়ি উঠিছে এক বৃহৎ ছিন্ডিকেট ৷ ছিন্ডিকেট চক্ৰটোৱে অবৈধ ট্ৰাকসমূহ বৰাকৰ বিভিন্ন স্থানৰ লগতে কৰিমগঞ্জ হৈ বাংলাদেশতো এই বেহা বিস্তাৰ কৰি আহিছে ৷ যাৰফলত এক বিৰাট অংকৰ ধন সংগ্ৰহ কৰি আহিছে ছিন্ডিকেট চক্ৰটোৱে ৷ বিগত কেইবা বছৰো ধৰি বৰাক উপত্যকাত চূন-শিলৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পৰিপ্ৰেক্ষিতত কোনেও আজিলৈকে এই ছিন্ডিকেটৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে ৷ তদুপৰি কাছাৰত চলি থকা এই চূন-শিল ছিন্ডিকেটৰ বিৰুদ্ধে অভিযানত নামিল এইবাৰ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক নিম্বালকৰ ৷যোৱা কালি তেওঁ হঠাৎ অসম মেঘালয়ৰ সীমান্তবৰ্তী দিঘৰখালত এই ছিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই ১৩ খন অৱৈধ চূন-শিল ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক কেইখনৰ চালককো কৰায়ত্ত কৰে ৷ জানিব পৰা মতে, জব্দ হোৱা ট্ৰাককেইখনৰ কোনো বৈধ নথিপত্ৰ নথকাৰ লগতে ট্ৰাক কেইখন আছিল আত্যাধিক বোজা সম্পন্ন ৷ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰৰ এনে হঠাৎ অভিযানত ছিন্ডিকেট চক্ৰত তীব্ৰ জোকাৰণি সৃষ্টি হৈছে ৷
আনহাতে কাছাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বালকৰ ছিন্ডিকেটৰ বিৰুদ্ধে উক্ত পদক্ষেপত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে বিষয়াগৰাকীৰ এনে পদক্ষেপক শুভেচ্ছা জনাইছে৷

Leave A Reply

Your email address will not be published.