কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজন এলেকাত নৱ নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ আজি উদ্বোধন কৰা হয় ৷অসম চৰকাৰৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন, ভাৰতীয় বন সেৱা বিষয়া মহেন্দ্ৰ কুমাৰ যাদৱে কালি পুৱা আনুষ্ঠানিক ভাৱে ফিটা কাটি খণ্ড বন কাৰ্যালয়টো মুকলি কৰে ৷এই উপলক্ষে কাৰ্যালয় প্ৰাংগনত আয়োজিত এক বিশেষ অনুষ্ঠানত চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মহেন্দ্ৰ কুমাৰ যাদৱৰ লগতে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াৰ লগতে বিষয়া কৰ্মচাৰীৰ উপৰিও সাথানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকৰ্তাও উপস্থিত থাকে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অষ্টম সংযোজন এলেকাত সম্প্ৰতি অতি সুন্দৰকৈ বন্যপ্ৰাণীৰ আৱাস গঢ়ি উঠিছে ৷ উচ্চেদৰ পিচতেই মানুহৰ উপস্থিতি হ্ৰাস পোৱাৰ বাবে অঞ্চলটোত এতিয়া ভালেমান বন্যপ্ৰাণী দেখিবলৈ পোৱা যায় ৷ আজি উন্মোচিত হোৱা বান্দৰডুবি খণ্ড বন কাৰ্যালয়ত নিয়োজিত বনকৰ্মী সকলে খণ্ড বন বিষয়াৰ নেতৃত্বত এতিয়াৰে পৰা অঞ্চলটোৰ সুৰক্ষা আৰু বন্যপ্ৰাণীৰ আৱাস উন্নয়নৰ উপৰিও পাৰিপাৰ্শ্বিক পৰ্যটনৰো পৰিচালনা কৰিব পাৰিব বুলি সঞ্চালক পি শিৱকুমাৰে জনায় ৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন