কাজিৰঙাৰ এনিমেল কৰিডৰ চাফা কৰিলে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

0 169

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতি গুৰুত্বপুৰ্ণ পানবাৰীৰ এনিমেল কৰিডৰ৷ এই এনিমেল কৰিডৰে পানবাৰী সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজিত কৰিছে ৷ এই কৰিডৰৰ মাজেৰে গৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ এই পথেৰে অহা যোৱা কৰা যানবাহনে আৱৰ্জনা পেলাই প্ৰদূষিত কৰে এনিমেল কৰিডৰটো ৷ আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকলে এক অভিযানেৰে আৱৰ্জনা বুটলি প্ৰদূষণ মুক্ত কৰে এনিমেল কৰিডৰটো ৷ আজি পানবাৰীত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে এই অভিযানৰ আৰম্ভণি কৰে ৷ এই উপলক্ষে পানবাৰী খণ্ড বন কাৰ্যালয় প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ হিচাব পৰীক্ষণ বিভাগৰ ডেপুটি একাউন্টেট জেনেৰেল আব্ৰাহম জুদাহ চেপাহ এ, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ডা৹ ইন্দ্ৰাণী বৰগোহাঁই, খণ্ড বন বিষয়া তৰুণ গগৈ, জে ডি এছ জি মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু মতিৰাম দাসৰ লগতে বনকৰ্মী আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে ৷ অনুষ্ঠানত এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ কৰিবৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকল আগবাঢ়ি অহাৰ বাবে ভুয়সী প্ৰসংসা কৰে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷ ছাত্ৰ-ছাত্ৰী সকলে হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ দুয়োকাষে পথৰ দাঁতিত পৰি ৰোৱা পুতি গন্ধময় আৱৰ্জনা বুটলি কৰিডৰটো পৰিস্কাৰ কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপূৰ্ণ পানবাৰী কৰিডৰটো লেতেৰা আৱৰ্জনা পেলাই প্ৰদূষণ নকৰিবৰ বাবে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আহ্বান জনাইছে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.