কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত পাঁচদিনীয়া নাৰ্চাৰী বৃত্তিমূলক প্রশিক্ষণ সম্পন্ন

0 238

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত, উদ্যানশস্যৰ বিষয়বস্তু বিশেষজ্ঞা,ড° দৰদী প্রিয়ম দুৱৰাৰ তত্ত্বাবধানত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ২০ জনীয়া দলক নাৰ্চাৰীৰ ওপৰত যোৱা ১৬ ৰপৰা ২১ ডিচেম্বৰলৈ পা‍ঁচদিনীয়াকৈ প্রশিক্ষণ প্রদান কৰা হয়। এই প্রশিক্ষণৰ সময়ছোৱাত উদ্যানশস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° সুনিল কুমাৰ বৰা, ড° সমীৰণ পাঠক আদি কৰি কেইবাজনো বিজ্ঞানীয়ে প্রশিক্ষণ দিয়ে। এই প্রশিক্ষণত নাৰ্চাৰীৰ আনুসঙ্গিক বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। পুলিবাৰী প্রস্তুতি, যতন, উদ্যানশস্যৰ পুলি তৈয়াৰ কৰা আধুনিক পদ্ধতি, জলসিঞ্চন পদ্ধতি, আচ্ছাদন আদিৰ ওপৰত হাতে কামে প্রশিক্ষণ আগবঢ়ায়। জালালউদ্দিন আহমেদে ধূপধৰাত থকা নাৰ্চাৰিত প্রশিক্ষাথীসকলক ফলমূলৰ মাতৃগছ, যোৰাকলম, কলিকলম আদি পৰিদৰ্শন কৰে।পথাৰ শস্য বিশেষজ্ঞ ৰিজু হেলিমে জৈৱিক কৃষি, জৈৱিক সাৰৰ ওপৰত আভাস দিয়ে। তাৰোপৰি প্রাকৃতিক কৃষি, চাফাই অভিযানৰ ওপৰতো সজাগতা আৰু “আজাদী কা অমৃত মহোৎসব” উৎযাপন কৰে। প্রশিক্ষণৰ শেষত মানপত্র বিতৰণ কৰা হয়৷ এই বিতৰণ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী, উদ্যান শস্য গবেষণাকেন্দ্রৰ প্রধান বিজ্ঞানী ড° অশিল ডেকা, ড° প্রমোদ ডেকা উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.