কামৰূপ জিলা সমিতিৰ পথ সুৰক্ষা অভিযান

1 262

ৰাজ্যৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক দুৰ্ঘটনা প্ৰৱণ জিলা হিচাপে পৰিগণিত কামৰূপ জিলাত দূৰ্ঘটনা আন এক কাৰক হিচাপে চিহ্নিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰশাসন বা গড়কাপ্তানি বিভাগৰ অনুমতি অবিহনে অবৈধ স্থাপন কৰা হৰ্ডিং-বেনাৰ সমূহৰ বিৰুদ্ধে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে চাৰি জুলাইৰ পৰা বিশেষ অভিযান আৰম্ভ কৰিছে।
 
 
চাৰি জুলাইত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত ৰাজ্যৰ গড়কাপ্তানি পথ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ সহযোগত জিলাখনৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা বকোলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গছ গছনি, বিদ্যুৎ পৰিবাহী খুটা আদিত অবৈধভাৱে স্থাপন কৰা হৰ্ডিং, বেনাৰ সমুহৰ বিৰুদ্ধে এক অভিযান চলোৱা হয়।
 
 
অভিযানকালত কামৰূপ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, মোজামিল হক আৰু ৰমাকান্ত পাচী, গড়কাপ্তানি বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ অভিযন্তা নিৰঞ্জন শৰ্মা উপস্থিত থাকে। আনহাতে অভিযানত অৰ্ধশতাধিক অবৈধ হৰ্ডিং, বেনাৰ আতৰ কৰা হয়।
 
 
জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়ামতে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কামৰূপ জিলা ৰাষ্ট্ৰীয় ঘাইপথৰ দা‍ঁতিত একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানে অনুমতি অবিহনে অবিজ্ঞান সন্মতভাৱে গছ, খুটা আদিত স্থাপন কৰা হৰ্ডিং, বেনাৰ বাবে গাড়ীচালকৰ মনোযোগ ব্যাহত হোৱাৰ বাবে দূৰ্ঘটনা সংঘটিত হৈ আহিছে।
 
 
যাৰ বাবে পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যোৱা ২৪ জুনত সমিতিৰ অধ্যক্ষ তথা কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত হৰ্ডিং, বেনাৰ আতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। উল্লেখ্য যে, অনাগত সময়ত কামৰূপ জিলাকে ধৰি অন্য জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত পৰ্যায় ক্ৰমে হৰ্ডিং, বেনাৰ সমূহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়া জিলা পৰিবহন বিষয়া গৌতম দাসে।

1 Comment
  1. DIPAK ch kalita says

    Good initiative taken

Leave A Reply

Your email address will not be published.