কামৰূপ মহানগৰ জিলাত বেংকৰ জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ সভা

0 224

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বেংকসমূহৰ ভিন ভিন শিতানৰ অগ্ৰগতিৰ খতিয়ান সম্পৰ্কে আলোচনাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিগত ত্ৰিমাসিক জিলা পৰামৰ্শমূলক সমিতি আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ (ডি চি চি আৰু ডি এল আৰ চি) সভাখন আজি অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়। কামৰূপ মহানগৰ জিলাৰ অগ্ৰণী বেংক বিষয়া সুদীপ ধৰে আঁত ধৰা উক্ত সভাখনত জিলাখনত কাৰ্যৰত বিভিন্ন বেংকৰ মূৰব্বী বিষয়াসকলৰ লগতে ৰাজ্য চৰকাৰৰ উন্নয়ন সম্পৰ্কীয় বিভাগসমূহৰ মূুৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে!অগ্ৰণী বেংক বিষয়াগৰাকীয়ে সভাত বিগত জুন, ২০২১ আৰু মাৰ্চ, ২০২১ ত্ৰিমাসিক পাৰদৰ্শিতাৰ বিপৰীতে ছেপ্তেম্বৰত ২০২১ ত্ৰিমাসিকৰ খতিয়ানৰ এক তুলনামূলক বিশ্লেষণ ডাঙি ধৰে। সংশ্লিষ্ট ত্ৰিমাসিকত বেংকসমূহৰ গড় জমা আৰু ঋণৰ অনুপাত ৪৪.৪৯% যিটো পূৰ্ব্বৰ ত্ৰিমাসিক পৰিসংখ্যাৰ তুলনাত ২.৩৫% বৃদ্ধি পায় বুলি উল্লেখ কৰি অগ্ৰণী বেংক বিষয়াগৰাকীয়ে মুঠ ১৯ টা বেংকে পূৰ্ৱৰ ত্ৰিমাসিক পাৰদৰ্শিতাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হয় বুলি তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।ব্যৱসায়িক খতিয়ান সম্পূৰ্ণ হোৱাৰ পিছত জিলাখনত নতুনকৈ বেংকৰ শাখা খোলাৰ বিষয়ত আলোচনা কৰা হয়। সভাত উঃপূৱ ক্ষুদ্ৰ বিনিয়োগ বেংকৰ তৰফৰ পৰা জনোৱা হয় যে, ইতিমধ্যেই কলংপাৰ বজাৰত তেওঁলোকৰ এটি নতুন শাখা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ২০২২ চনৰ ভিতৰত প্ৰস্তাৱিত শাখাটি সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিব পৰা যাব।
জালুকবাৰীৰ পৰা এক্সেল কেয়াৰ হস্পিতাল পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো বেংকৰে শাখা নোহোৱা কথাটোত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সকলো বেংককে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনতিপলমে এটি পূৰ্ণাংগ শাখা খুলিবলৈ আৰু লগতে সতী জয়মতী নগৰ, প্ৰাগজ্যোতিষ নগৰ অঞ্চলৰ জনসাধাৰণ উপকৃত হব পৰাকৈ এটি এটিএমৰ ব্য়ৱস্থা কৰিবলৈও সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.