কাম আৰম্ভ হৈছে KAZIRANGA DISCOVERY PARK ৰ

0 321

ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে। KAZIRANGA DISCOVERY PARK ৰ কাম আৰম্ভ হৈছে।এই প্ৰকল্পত তিনিটা গৃহ ডিজিটেল মাধ্যমত থাকিব ৩টা থীম। এই কথা জনালে CWRS ৰ বিষয়া ৰথীন বৰ্মনে।
ইয়াৰে প্ৰথমটো গৃহ থীম হৈছে অসমত হাতী ঐতিহ্য।বিভিন্ন মহাকাব্যত হাতী উপস্থাপন,হাতী বিচৰণ আৰু ব্যৱসায়ৰ সম্পৰ্কে তথ্য উপলব্ধ হ’ব প্ৰথমটো গৃহত।দ্বিতীয়টো গৃহত পোৱা যাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ বিৱৰণ।উদ্যান খনৰ বিভিন্ন বন্য প্ৰাণী তথ্য উপলদ্ধ হ’ব দ্বিতীয়টো গৃহত।আনহাতে তৃতীয়টো গৃহৰ বিষয়বস্তু হৈছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন।
পানবাৰীস্থিত এই কেন্দ্ৰটো স্বচকুৱে চাব বিচাৰে বহু পৰ্যটকে।কিন্তু পৰ্যটকৰ বাবে এই সুবিধা উপলব্ধ নহয়।সেয়ে পানবাৰী কেন্দ্ৰলৈ যোৱা পৰিৱৰ্তে KAZIRANGA DISCOVERY PARK ৰ পৰাই পৰ্যটকে এই কেন্দ্ৰটো চাব পাৰিব CCTV LIVE Visual ৰ জৰিয়তে।
অসম চৰকাৰৰ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটো কাম বৰ্তমান ১০ শতাংশই সম্পূৰ্ণ হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থকা সময়ছোৱাত KAZIRANGA DISCOVERY PARK দৰ্শন কৰি উপকৃত হ’ব পাৰে পৰ্যটক সকল।

Leave A Reply

Your email address will not be published.