কালিখোলাৰ আটাইতকৈ পুৰণি পথ মুকলি

0 262

গুৱাহাটী পৌৰ এলেকাৰ মালিগাঁও গোশালাৰ সমীপৱৰ্তী ৫ আৰু ৬ নং ৱাৰ্ড সংযোগী আদিংগিৰী কালিখোলাৰ আটাইতকৈ পুৰণি আৰু প্ৰধান যাতায়তকাৰী পথছোৱা স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই উদ্বোধন কৰে ৷ যাতায়ত দুৰ্ভোগ ভূগি অহা পথছোৱাত গড়কাপ্তানি বিভাগৰ গুৱাহাটী সংমণ্ডলৰে ৩০ লাখ টকা ব্যয়ৰে জেব্ৰা ব্লকৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে ৷ ২২ ফেব্ৰুৱাৰীত অঞ্চলটোৰ শতাধিক লোকৰ উপস্থিতি মাংগলিক কাৰ্য্যৰ মাজেৰে পথছোৱা শুভ উদ্বোধনী কৰে ৷
অগপ নেতা নৰেন তালুকদাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই নৱনিৰ্মীত পথছোৱাই অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভোগ কৰি অহা সমস্যা লাঘৱ কৰিব বুলি ব্যক্ত কৰে ৷অহা এক বছৰৰ ভিতৰত সমষ্টিটোৰ নগৰাঞ্চল গ্ৰামাঞ্চলৰ উভয়ৰে বাকী থকা পথ সমূহ পকীকৰণ কৰা হ’ব বুলি সদৰী কৰে ৷
উক্ত সভাত গড়কাপ্তানি বিভাগৰে গুৱাহাটী পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা অনুজ বৰুৱা , গুৱাহাটী পৌৰ নিগমৰ পৰিষদ ভূপেন ঠাকুৰীয়া , অগপ নেতা জীতেন ডেকা , সমাজকৰ্মী মুকুট কলিতা , আকাশ মেহেতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.