কালিলৈ বিমানেৰে ৪০০০জন ব্যক্তি আহিব

0 299

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰবাৰ এখন সংবাদমেলৰ সম্বোধন কৰে। সংবাদমেলত  সোমবাৰে অসমলৈ আহিবলগীয়া বিমানৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে। উলেখ্য যে  সৰ্বমুঠ ৪০০০জন লোক কাইলৈৰ বিমানেৰে আহিব। ইয়াৰে ভিতৰত প্ৰায় ২০০০গৰাকী লোক গুৱাহাটীত নামিব। মন্ত্ৰী গৰাকীয়ে কয় যে সোমবাৰে বাহিৰৰ পৰা বিমানযোগে যিসকল লোক অসমলৈ আহিব সেই সকলো লোককে কোৱাৰেণ্টাইন কৰা হ’ব। কিন্তু এই কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা প্ৰযোজ্য কৰিছে চৰকাৰে।
 
কোৱাৰেণ্টাইনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে একাংশ ভৱনৰ লগতে হোটেল সমূহৰ এহেজাৰটা কোঠা। যদি কাৰোবাৰ পিতৃ মাতৃ চিকিৎসালয়ত থকা অৱস্থাত মৃত্যু হোৱাৰ ফলত  সন্তানে তেওঁলোকৰ খবৰ লবলৈ চিকিৎসালয়লৈ আহে তেতিয়াহ’লে তেওঁলোকক ৰখা হ’ব হোম কোৱাৰেন্টাইনত। ৭৫ বছৰ বয়সৰ ওপৰৰ লোকৰ লগতে বিশেষভাৱে সক্ষম লোকসকলকো ষ্টাম্পিং হোম কোৱাৰেণ্টাইন কৰা হ’ব। ঠিক একেদৰে গৰ্ভৱতী মহিলা আৰু দহ বছৰৰ তলৰ শিশু সকলক হোম কোৱাৰেণ্টাইন কৰা হ’ব।
 
 
 
আনহাতে সংবাদমেলযোগে মন্ত্ৰী গৰাকীয়ে কয় যে বিমানৰ সৈতে জড়িত হৈ থকা কোনোধৰণৰ লোককে কোৱাৰেণ্টাইন কৰা নহয়। কোনো লোকে যদি পুৱা গুৱাহাটীলৈ আহে আৰু বিয়লি ঘূৰি যাব বিচাৰে তেতিয়া তেওঁলোকক কোৱাৰেন্টাইন কৰা নহয় বুলিও কয় মন্ত্ৰী গৰাকীয়ে।
 
 
 
কোনো লোকে যদি বিদেশৰ পৰা ঘুৰি আহি দিল্লীত সম্পূৰ্ণ ১৪দিনৰ বাবে কোৱাৰেণ্টাইন হৈছে তেতিয়াহ’লে তেনেলোকে ইয়াত ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইনৰ সলনি নিজকে কৰিব লাগিব হোম কোৱাৰেণ্টাইন। আগন্তুক ৭২ঘণ্টাৰ ভিতৰত আৰ্টিফিচিয়েল টেষ্ট কৰি ঘৰলৈ অহা খিনিৰ টেষ্ট ৰিপ’ৰ্ট চাই কৰা হ’ব হোম কোৱাৰেণ্টাইন।
 
ক’ৰণাত আক্ৰান্ত হোৱা সৰ্বাধিক ৰোগীৰ  সংখ্যা হোজাইত হোৱাৰ বিপৰীতে ধেমাজি জিলাত বৰ্তমানলৈকে এজনো ৰোগী নাই  বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। লগতে কামৰূপ মেট্ৰ’ত যি সমূহ এ এচ টি চি সেৱাৰ বাছ আছে সেইসমূহে অসমৰ পাঁচখন ঠাইত হোষ্ট কৰিব বুলিও  মন্ত্ৰী গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.